কৰ্ণাটকৰ Sini Shetty ২০২২ বৰ্ষৰ Femina Miss India
নিউজ ডেস্ক, ৪ জুলাই : দেওবাৰে সন্ধিয়া মুম্বাইৰ জিঅ’ কনভেনচন চেণ্টাৰত অনুষ্ঠিত হোৱা ২০২২ বৰ্ষৰ Femina Miss India World অনুষ্ঠানত কৰ্ণাটকৰ Sini Shettyয়ে Femina Miss India World 2022ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, ৰাজস্থানৰ ৰুবাল শ্বেখাৱতে মিছ ইণ্ডিয়া ২০২২ ৰ প্ৰথম ৰানাৰ-আপ আৰু উত্তৰ প্ৰদেশৰ শিনাতা চৌহানে মিছ ইণ্ডিয়া ২০২২ ৰ দ্বিতীয় ৰানাৰ-আপৰ খিতাপ লাভ কৰে।

উল্লেখযোগ্য যে, চিনি চেট্টী কৰ্ণাটকৰ বাসিন্দা। ২১ বছৰীয়া বিউটি কুইনগৰাকীৰ জন্ম হৈছিল মুম্বাইত হৈছিল আৰু তেওঁ একাউণ্টিং আৰু ফাইনেন্সত স্নাতক ডিগ্ৰী লাভ কৰিছিল। বৰ্তমান, তেওঁ চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালিষ্ট (CFA) নামৰ এক পেছাদাৰী পাঠ্যক্ৰম অনুসৰণ কৰি আছে।
Sini Shetty য়ে পৰৱৰ্তী সময়ত ৭১ তম মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।
মিছ ইণ্ডিয়া প্ৰতিযোগিতা ২০২২, Maniesh Paulৰ দ্বাৰা আয়োজিত আছিল আৰু Kriti Sanon আৰু Lauren Gottliebৰ প্ৰদৰ্শনৰ সৈতে আৰম্ভ হৈছিল ।
Kriti Sanon আৰু Lauren Gottliebৰ প্ৰদৰ্শনৰ সৈতে আৰু Maniesh Paulৰ দ্বাৰা আয়োজিত হৈছিল।
জুৰী পেনেলত Neha Dhupia, Dino Morea আৰু Malaika Aroraৰ দৰে অভিনেতা আছিল। আনহাতে, ক্ৰিকেটাৰ Mithali Rajও জুৰিৰ অংশ আছিল। ইয়াৰ উপৰিও, Rahul Khanna, Rohit Gandhi আৰু Shiamak Davarও পেনেলৰ অংশ আছিল।