কৰ্ণাটক হাইক’ৰ্টৰ ৰায়- হিজাব ইছলামৰ বাবে জৰুৰী নহয়

নিউজ ডেস্ক, ১৫ মাৰ্চঃমঙলবাৰে কৰ্নাটক উচ্চ ন্যায়ালয়ে হিজাব সন্দৰ্ভত ঐতিহাসিক ৰায় দিয়ে । ন্যায়ালয়ৰ তিনিগৰাকী ন্যায়াধীশৰ অধ্যক্ষতাত ৰায় প্ৰদান কৰে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে শ্ৰেণীত হিজাব পিন্ধাৰ অনুমতি ৰখাৰ বাবে সকলো মুছলমান ছোৱালীৰ আবেদন নাকচ কৰে।
কৰ্ণাটক উচ্চ ন্যায়ালয়ে ইয়াৰ চূড়ান্ত ৰায়দানত কয় যে, মুছলমান মহিলাসকলে হিজাব পিন্ধাটো ইছলামধৰ্মৰ অধীনত এক অপৰিহাৰ্য ধৰ্মীয় প্ৰথা নহয়।
ন্যায়ালয়ে ২০২২ চনৰ ৫ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে কাপোৰৰ ওপৰত জাৰী কৰা চৰকাৰী আদেশকো নিশ্চিত কৰে। অৱশ্যে, আদালতে কয় যে, “এটা প্ৰতিষ্ঠানত শিক্ষাৰ্থীসকলৰ বাবে ইউনিফৰ্মৰ প্ৰেছক্ৰিপচন যুক্তিসঙ্গত সীমাৰ অধীনত পৰে।”
উদুপীৰ চৰকাৰী পিইউ কলেজ ফৰ গাৰ্লছৰ প্ৰায় ছয়জনীয়া শিক্ষাৰ্থীৰ এটা দলে দাবী কৰিছিল যে তেওঁলোকে শ্ৰেণীত হিজাব পিন্ধিব। মহাবিদ্যালয়ৰ মতে, নামভৰ্তি প্ৰক্ৰিয়াৰ সময়ত নিৰ্দেশনাবোৰ তেওঁলোকক বুজাই দিয়া হৈছিল, আৰু কোনেও সেইবোৰৰ বিৰোধিতা কৰা নাছিল।