Cauvery issue : কৰ্ণাটকত তীব্ৰ প্ৰতিবাদ; বন্ধ বিদ্যালয়- মহাবিদ্যালয়,বাতিল ৪৪ খন বিমান
নেশ্যনেল ডেস্ক, ২৯ছেপ্টেম্বৰ : কৰ্ণাটকত তীব্ৰ প্ৰতিবাদ(Cauvery issue)। কৰ্ণাটকৰ তীব্ৰ প্ৰতিবাদৰ বাবে শুকুৰবাৰে ৰাজ্যখনত স্বাভাৱিক জীৱন যাত্ৰা স্থবিৰ হৈ পৰে । তামিলনাডুলৈ কাবেৰী নদীৰ পানী মুকলি কৰি দিয়াৰ প্ৰতিবাদত ‘কানাড়া অক্কুটা’ই আয়োজন কৰা কৰ্ণাটক বন্ধত শুকুৰবাৰে ৰাজ্যখনত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰে (Karnataka bandh to oppose release of Cauvery water to Tamil Nadu disrupts normal life) । বন্ধ হৈ পৰে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ । লগতে বাতিল কৰা হয় ৪৪ খন বিমান(Flights cancelled roads blocked commuters face harrowing time) ।
ইফালে বেংগালুৰু আৰু সমগ্ৰ কৰ্ণাটকত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । কানাড়া আৰু কৃষক গোটসমূহক প্ৰতিনিধিত্ব কৰা একত্ৰিত সংগঠন ‘কানাড়া অক্কুটা’ই তামিলনাডুলৈ কাবেৰী নদীৰ পানী এৰি দিয়াৰ বিৰোধিতাৰে সমগ্ৰ কৰ্ণাটকত এই বন্ধৰ আহ্বান জনাই ।
আনহাতে, এই বন্ধৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে বেংগালুৰু নগৰ, মাণ্ড্য, চামৰাজনগৰা,ৰামনগৰা , মহীশূৰ আৰু হাছান জিলাত ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ ১৪৪ ধাৰা জাৰি কৰিছে । ইয়াৰ উপৰি এই অঞ্চলবোৰৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ঘোষণা কৰে(Karnataka bandh disrupts normal life in Bengaluru, southern parts of State) ।
উল্লেখ্য যে কানাড়া সমাজকৰ্মী আৰু কৃষক গোটৰ সংগঠিত সংগঠন ‘কানাড়া অক্কুটা’ই মঙলবাৰেও বেংগালুৰু বন্ধৰ আহ্বান জনাইছিল । শুকুৰবাৰৰ এই বন্ধৰ কাৰ্যসূচীত কানাড়া চলচ্চিত্ৰ উদ্যোগেও সহযোগিতা আগবঢ়াইছে । যাৰ ফলত সমগ্ৰ ৰাজ্যতে চলচ্চিত্ৰ প্ৰদৰ্শন বাতিল কৰা হৈছে ।
এই বন্ধৰ প্ৰভাৱ বেংগালুৰুতো ব্যাপকভাৱে পৰিছে । বেংগালুৰুৰ চিকপেট, বালেপেট, আৰু সংলগ্ন ব্যৱসায়িক জিলাসমূহত দোকান আৰু ব্যৱসায় বন্ধ ৰাখিছে । বেংগালুৰুৰ বেছিভাগ মুখ্য তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠান আৰু অন্যান্য প্ৰতিষ্ঠানে কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিছে । অটোৰিক্সা চালক ইউনিয়ন আৰু অ’লা-উবেৰ ড্ৰাইভাৰ এণ্ড অ’নাৰ্ছ এছ’চিয়েচনেও বন্ধৰ সমৰ্থন জনাইছে ।
লগতে পঢ়ক :MLA threatens : খঙত অগ্নিশৰ্মা এগৰাকী বিধায়ক, কিন্তু কিয় ?