Local, Vocal, Global

Karimganj DTO Arrested for Taking Bribe : কৰিমগঞ্জৰ DTO ছাহাব উদ্দিন তাপাদাৰক গ্ৰেপ্তাৰ, উৎকোচ লোৱাৰ অভিযোগত কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ DTO ক

নিউজ ডেস্ক, ২১ডিচেম্বৰ : পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া । এইবাৰ ঘোচ লৈ CM ভিজিলেন্সৰ হাতত পৰিল কৰিমগঞ্জৰ DTO ।

ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল কৰিমগঞ্জৰ জিলা পৰিবহণ বিষয়া আধিকাৰিক আৰু এনফ’ৰ্চমেণ্ট চেকাৰ। কৰিমগঞ্জৰ ডিটিঅ’ চাহাব উদ্দিন তাপাদাৰ আৰু এনফ’ৰ্চমেণ্ট চেকাৰ আবু ছালেহ জাকাৰিয়াক গ্ৰেপ্তাৰ(Karimganj DTO Arrested for Taking Bribe)।

উল্লেখ্য যে, প্ৰথমে ১০ হাজাৰ টকা ঘোচ লৈ হাত দাঙিছিল কৰিমগঞ্জৰ জিলা পৰিবহণ বিভাগৰ এনফ’ৰ্চমেণ্ট চেকাৰগৰাকীয়ে। ঘোচ লোৱা অবস্থাত এনফ’ৰ্চমেণ্ট চেকাৰ আবু ছালেহ জাকাৰিয়াক হাতেলোটে ধৰা পেলায় দুৰ্নীতি নিবাৰক শাখাৰ দলে।জানিব পৰা মতে, জাকাৰিয়ায় আৰু ডিটিঅ’ৰ ওপৰত দীৰ্ঘদিন ধৰি চালানৰ নামত অবৈধভাৱে গাড়ী চালকৰ পৰা টকা সংগ্ৰহৰ অভিযোগ আছিল। বুধবাৰ সন্ধিয়াৰ পৰা নিশা প্ৰায় ১০.৩০ বজালৈ দুৰ্নীতি নিবাৰক শাখাৰ দলে কৰিমগঞ্জৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুয়োকে। গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ সময়ত ভুক্তভোগী ৰাইজে দিলে ‘চোৰ চোৰ’ ধ্বনি।

ইতিমধ্যে এই DTO ছাহাব উদ্দিন তাপাদাৰক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ অনা হৈছে আৰু গুৱাহাটীৰ বাসগৃহত অভিযান আৰম্ভ কৰিছে দুৰ্নীতি নিবাৰক শাখাই।

লগতে পঢ়ক : APSC Scam : APSC কেলেংকাৰিৰ তদন্ত অব্যাহত; আজি SITত হাজিৰ হ’ব লাগিব দুই ৰাজপত্ৰিত বিষয়া