কাৰ্বি পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰালে কাজিৰঙাৰ ৰাজপথ

নিউজ ডেক্স, ২৯ জুন : পাহাৰৰ পৰা নামি অহা পানীয়ে জলমগ্ন কৰিলে কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথ। নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি পাহাৰৰ পৰা নামি অহা পানীয়ে কাজিৰঙাৰ পাণবাৰীৰ Animal Corridorৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এচোৱা বুৰাই পেলায়।
যাৰ ফলস্বৰূপে পথছোৱাত যানজঁটৰ সৃষ্টি হোৱাৰ লগতে বিদ্যালয়লৈ অহা–যোৱা কৰা ছাত্ৰ–ছাত্ৰী আৰু স্থানীয় ৰাইজ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে।
আনহাতে পাহাৰৰ পৰা নামি অহা পানীয়ে জলমগ্ন কৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা মন্দিৰ আৰু কেইবাখনো দোকান।
স্থানীয় ৰাইজৰ অভিযোগ, পূৰ্বতে কাজিৰঙাৰ পাণবাৰী অঞ্চলত থকা একাংশ শিল কোৱেৰীৰ বাবে আজি দুৰ্ভোগ ভুগিব লগীয়া হৈছে স্থানীয় ৰাইজৰ লগতে পথচাৰীয়ে।
শিল কোৱেৰীসমূহৰ পৰা নামি অহা মাটি আৰু বালিয়ে পাণবাৰীৰ কালভাৰ্টটো পুতি পেলোৱাৰ ফলত এতিয়া পাহাৰৰ পৰা নামি অহা পানী ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে বাগৰে। যাৰ বাবে এজাক বৰষুণতে একাঁঠু পানীত বুৰ যায় ৰাষ্ট্ৰীয় ঘাই পথছোৱা।