WATCH | Karbi Anglong: পশ্চিম হাতীপাৰাত সূৰ্য্যাহী পূজা পালন
কাৰ্বি আংলং,২০মে’ : পশ্চিম হাতীপাৰাত সূৰ্য্যাহী পূজা পালন।
প্ৰতিকুল বৰষুণৰ বতৰক নেওচি পৰম্পৰাগত ৰীতি-নীতিৰে জীৱকুলৰ মংগলৰ অৰ্থে পালন কৰিলে জগত শক্তিৰ উৎস সূৰ্য্যাহী পূজা।
পূজাৰ এদিন আগত গ্ৰাম পূজা,পুৱাৰ ভাগত সূৰ্য্য দেৱৰ মূল স্থাপনাত পাহানৰ দ্ধাৰা মাংগলিক পূজা পাৰ্বন ও বলি-বিদান। বেদিয়া সমাজ চুড়ী(মহুৱাৰ) ৰ স্বৰ্গীয় পূৰ্ব পুৰুষ সকলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী ও মাল্য অৰ্পন, স্বৰ্গীয় ঝুগলো বেদিয়াৰ বংশধৰ সকলৰ তালিকা সোঁৱৰণ আদদি কাৰ্য্যসুচী হাতত লোৱা হয়(Karbi Anglong)।
চিৰসেউজ কাৰ্বি আংলং জিলাৰ পশ্চিম হাতীপাৰা বেদিয়া সমাজ চুড়ী(মহূৱা) বৰ্গই প্ৰতি ১২ বছৰৰ মূৰে মূৰে উদযাপন কৰি আহিছে এই পূজা।
জগত শক্তিৰ উৎস, সূৰ্য্য শক্তিৰ প্ৰতি শ্ৰদ্ধা,জীৱকুলৰ স্বাস্থ্য আৰু উন্নতিৰ হকে মংগল কামনা,ধ্যান-মন্ত্ৰ পাঠৰ জড়িয়তে আত্মিক আৰু আধ্যাত্মিক শান্তি লাভ কৰা,সংস্কৃতিৰ ঐতিহ্য ৰক্ষা কৰা,সূৰ্য্যদেৱতাৰ আশিবাদ লাভ কৰাৰ বাবে সকলো ভক্তই প্ৰাৰ্থনা কৰা আদি মূল কাৰণ সূৰ্য্যাহী পূজা।
লোক বিশ্বাস অনুসৰি এই পূজা উদযাপন কৰিলে সমাজৰ বহু অপায়-অমংগল, দুখ দুৰ্গতি নাশ হয় বুলি পৌৰাণিক ইতিহাস আজিও বিদ্যমান।
কাৰ্বি আংলংৰ পশ্চিম হাতীপাৰা বেদিয়া সমাজ চুড়ী(মহুৱা) পৰিয়াল বৰ্গৰ ভিতৰত ধৰ্মৰাজ বেদিয়া,ধনঞ্জয় বেদিয়া,গণৰাম বেদিয়া,জলৰাম বেদিয়া,বলোৰাম বেদিয়া,কাৰ্তিক বেদিয়া,ৰাজেশ বেদিয়া আৰু ৰুক্ম বেদিয়াৰ সহযোগত পশ্চিম হাতীপাৰা স্বৰ্গীয় গেন্দাৰাম বেদিয়াৰ বাসগৃত উদযাপন কৰি আহিছে সূৰ্য্যাহী পূজা।
গাওঁখনৰ নিমন্ত্ৰীত প্ৰতিজন ভক্তই জগত শক্তিৰ উৎস ইতিহাস সমৃদ্ধ সূৰ্য্যাহী পূজাত উপস্থিত সাফল্য মণ্ডিত কৰি তোলে ।
ইয়াৰ উপৰিও পশ্চিম হাতীপাৰা বেদিয়া সমাজ চুড়ী(মহুৱা) পৰিয়াল বৰ্গৰ সতি-সন্ততি বিবাহ সূত্ৰে বিবাহিত হৈ যোৱা বংশধৰ সকল ও এই সূৰ্য্যাহী পূজাত অংশ গ্ৰহণ কৰা পৰিলক্ষিত দেখা যায়।
লগতে পঢ়ক : WATCH | PMAY : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত অহা ধন আত্মসাৎ