Karachi Rings Into 2024 with Celebratory Aerial Firing : শূন্যলৈ গুলীচালনা কৰি ইংৰাজী নৱবৰ্ষক আদৰিলে পাকিস্তানৰ ৰাজধানী কৰাচীত; আহত ১১জনকৈ লোক
ইণ্টাৰনেশ্যনেল ডেস্ক, ১ জানুৱাৰী : শূন্যলৈ গুলীচালনা কৰি ইংৰাজী নৱবৰ্ষক আদৰিলে পাকিস্তানৰ ৰাজধানী কৰাচীত । একাংশই ইংৰাজী নতুন বৰ্ষৰ আনন্দ ফূৰ্তিৰ মাজতে মাজনিশা শূন্যলৈ গুলীচালনাৰ কৰে । এই গুলীচালনাৰ ফলত আহত হয় ১১ জনকৈ লোক( Karachi rings in New Year with celebratory aerial firing, 11 injured) ।
এই গুলীচালনাৰ পিছতে নিশা তৎপৰ হয় কৰাচী আৰক্ষীয়ে ৷
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে কয়, ‘‘ইংৰাজী নৱবৰ্ষৰ আদৰা অনুষ্ঠানত একাংশ লোকে শূন্যলৈ গুলীচালনা কৰে ৷ কৰাচীৰ কেইবাটাও স্থানত শূন্যলৈ গুলীচালনাৰ ঘটনা সংঘটিত কৰে ৷
আৰক্ষীৰ ভাষ্য অনুসৰি. প্ৰথমটো গুলীচালনাৰ ঘটনা সিন্ধুৰ গুলশন টাউনৰ সমীপৰ বাহাদুৰাবাদত হয় ৷ইয়াৰ ফলত সাত বছৰীয়া এটি শিশু আহত হয় বাহাদুৰাবাদত ।
ইফালে ফাইভ ষ্টাৰ চৌধুৰীত হোৱা গুলীচালনাত তিনিজন, চি ভি উত আন দুজন আৰু লিয়াকত আবাদ আৰু উত্তৰ নাজিমাবাদত এজনকৈ লোক আহত হৈছে ৷’’
ঘটনা সন্দৰ্ভত কৰাচী আৰক্ষী প্ৰধান খাদিম হুছেইন ৰিন্দে কয়, ‘‘ নৱবৰ্ষৰ সময়ত শূনলৈ গুলীচালনাৰ বাবে কৰা লোকৰ বিৰুদ্ধে হত্যাৰ চেষ্টা আৰু সন্ত্ৰাসবাদৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে ৷ ঘটনাৰ সন্দৰ্ভত অভিযুক্ত বিচাৰি বজাৰ আৰু মছজিদত জাননী ৰখাৰ প্ৰয়োজনীয়তা আৰু যিকোনো হিংসাত্মক ঘটনাৰ প্ৰতিহত কৰিবলৈ আৰক্ষী কঠোৰ হৈছে(Karachi rings in New Year with celebratory aerial firing, 11 injured) ৷’’
ইফালে কৰাচীত শূন্যলৈ গুলীচালনা আৰু আগ্নেয়াস্ত্ৰ কঢ়িয়াই নিয়া বা প্ৰদৰ্শন কৰাৰ ওপৰত দুদিনীয়া নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে । এই কথা জানিবলৈ দিছে পাক সংবাদমধ্যম এ আৰ ৱাইয়ে ৷