Local, Vocal, Global

kanak chandra sut passes away : ঢকুৱাখনাৰ বৰ্ষীয়ান নামঘৰীয়া কনক চন্দ্ৰ সূতৰ দেহাৱসান

নিউজ ডেস্ক,২২অক্টোবৰ : ঢকুৱাখনা নগৰৰ আমোলাপট্টি নিবাসী তথা প্ৰবীণ ধৰ্মপ্ৰাণ ব্যক্তি, বৰ্ষীয়ান নামঘৰীয়া, সমাজহিতৈষী কনক চন্দ্ৰ সূতৰ দেহাৱসান । দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত শৰ্য্যাসায়ী হৈ থকা সদাহাস্যমুখী সূতৰ মঙলবাৰে পুৱা প্ৰায় ৯ বজাত পৰলোকপ্ৰাপ্তি ঘটে ।

মৃত্যুৰ সময়ত ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ বয়স আছিল ৯০ বছৰ । আমোলাপট্টি নামঘৰৰ প্ৰতিষ্ঠাপক নামঘৰীয়া পাঠক হিচাপে আমৃত্যু অতুল্য সেৱা আগবঢ়াই যোৱা সূতে মৃত্যুৰ সময়ত পত্নী ,পুত্ৰ ,কন্যা সহ অজস্ৰ ইষ্ট কুটুম্ব আৰু গুণগ্ৰাহীক ইহ সংসাৰত এৰি থৈ বৈকুণ্ঠগামী হয়(kanak chandra sut passes away)।

প্ৰবীণ ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ বিয়োগত সমগ্ৰ ঢকুৱাখনাত শোকৰ ছাঁ পৰিছে । আমোলাপট্টি হৰিমন্দিৰ পৰিচালনা সমিতি , আমোলাপট্টিবাসী ৰাইজে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

লগতে পঢ়ক :Fire Break Out in Nagaon: নগাঁৱৰ কচুৱাৰ ২নং ফাকলিত বিধ্বংসী অগ্নিকাণ্ড