কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা

নিউজ ডেস্ক, ৩ জুন : কামৰূপ আৰক্ষীয়ে এক বৃহৎ অভিযানত প্ৰায় ৪ কোটি টকাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে।
বাতৰি অনুসৰি, কামৰূপ আৰক্ষীয়ে ৫০ হাজাৰ Zava টেবলেটৰ সৈতে পাঁচজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।
গ্ৰেপ্তাৰ কৰা লোকসকলক আলী আহমেদ, মহম্মদ খান, বাহাৰুল আলম, নাজিমুল মিয়া আৰু জিয়াদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযেগ্য যে, মণিপুৰৰ পৰা বাংলাদেশলৈ চোৰাংকৈ অনাৰ সময়ত আৰক্ষীয়ে গুৱাহাটীৰ উপকণ্ঠৰ আজাৰাৰ এখন হোটেলৰ পৰা জব্দ কৰে ড্ৰাগছসমূহ।