Local, Vocal, Global

Assam Cabinet : ৰাজ্যিক কেবিনেটত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল কেবিনেটত ?

গুৱাহাটী, ২৫ জুন : ৰাজ্যৰ বান পৰিস্থিতিৰ মাজতে শনিবাৰে সন্ধিয়া ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেটৰ এখন বৈঠক দিশপুৰৰ জনতা ভৱনত অনুষ্ঠিত হয় (Assam Cabinet)। মুখ্যমন্ত্ৰীৰ সভা কক্ষত অনুষ্ঠিত হোৱা বৈঠকখনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি, বিহুৰ বিশ্ব অভিলেখৰ বাবে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰাসকললৈ প্ৰতিশ্ৰুতি অনুসৰি ২৫০০০ টকাকৈ অনুদান আগবঢ়োৱা আৰু নুমলীগড় শোধনাগাৰত ৰাজ্য চৰকাৰৰ বিনিয়োগৰ ধনৰ বিত্তীয় অনুমোদন জনোৱা আদি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

কেবিনেট বৈঠকৰ প্ৰধান সিদ্ধান্তসমূহ –

কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে গুৱাহাটীৰ খানাপাৰাত মুঠ ৪৬৭০৩ গৰাকী যুৱক-যুৱতীক একেলগে চাকৰি প্ৰদান কৰিছিল । তাৰে ২৬০০০ আছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি ।

ৰাজ্যিক নিযুক্তি আয়োগৰ অধীনত তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ বাবে বাছনিকৃত ৮৩৫ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । ইয়াৰে তৃতীয় বৰ্গৰ ১৯৮ টা পদ আৰু চতুৰ্থ বৰ্গৰ ৬৩৭টা পদত এই নিযুক্তি পৰ্ব অনুষ্ঠিত হ’ব।

একোখন আয়োগৰ জৰিয়তে পৰীক্ষাৰ যোগেদি এইসমূহ নিযুক্তি দিয়া হৈছিল । কিন্তু কিছু সংখ্যক অভাৰলেপিং আৰু অনান্য কাৰণত ২৬০০০ পদৰ ভালেমান পদ খালী ৰৈ গৈছিল । ইতিমধ্যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ বহু সংখ্যকে সমান নম্বৰ লাভ কৰিছিল । তাৰে বয়সৰ ভিত্তিত জ্যেষ্ঠজনক অগ্ৰাধিকাৰ দি নিযুক্তি দিছিল ।

উল্লেখ্য যে, একাংশ প্ৰাৰ্থীয়ে যোগদান নকৰা,দ্বৈত পদত নিযুক্তি পোৱা পদসমূহ খালী হৈ আছে। সেয়ে ৰাজ্যিক কেবিনেটৰ দ্বাৰা এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনহাতে অহা ৩০ জুন আৰু ১ জুলাইত গীনিজ বুক অৱ ৰেক’ৰ্ডছত অংশ লোৱা ১১০০০ বিহুৱা-বিহুৱতীক আনুষ্ঠানিকভাৱে জিলাই জিলাই বেংক একাউণ্টযোগে মুখ্যমন্ত্ৰী উপস্থিতিত প্ৰমাণ পত্ৰসহ ২৫ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব বুলিও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

আনহাতে নুমলীগড় শোধনাগাৰত ৰাজ্য চৰকাৰে অংশীদাৰ ৰূপে ক্ৰয় কৰা নিজৰ শ্বেয়াৰৰ বিনিময়ত দিবলগীয়া ধনৰো অনুমোদন জনায় শনিবাৰে কেবিনেটত । ৰাজ্য চৰকাৰৰ NRLত ২৬ শতাংশ ইকুইটি শ্বেয়াৰ আছে । ইয়াৰ বিনিময়ত দিবলগীয়া ৮২৩ কোটি টকাৰ প্ৰথম কিস্তিৰ ২০৫.৭৩ কোটি টকাৰ অনুমোদন জনায় ৰাজ্যিক কেবিনেটে ।

লগতে পঢ়ক : American singer sing Indian national Anthem : প্ৰধানমন্ত্ৰী মোডীৰ ভৰি চুই আৰ্শীবাদ ল’লে আমেৰিকান শিল্পীয়ে