Local, Vocal, Global

Kamrup Metro Schools Change Timings : উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়-সূচী সলনি

নিউজ ডেস্ক,২০ছেপ্তেম্বৰ : উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়-সূচী সলনি।

গ্ৰীষ্মপ্ৰবাহৰ বাবে ২১ ছেপ্টেম্বৰৰ পৰা পুৱা ৭.৩০ বজাৰ পৰা পাঠদানৰ আৰম্ভ কৰাৰ নিৰ্দেশ। ১২:৩০ বজালৈ চলিব বিদ্যালয়ৰ পাঠদান।

কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত বিদ্যালয়লৈ এই নিৰ্দেশনা।সকলো চৰকাৰী, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশনা। শিক্ষানুষ্ঠানৰ প্ৰাতঃসভা শ্ৰেণীকোঠাত সম্পন্ন কৰাৰ নিৰ্দেশ।বিদ্যালয়ত থাকিব লাগিব পৰ্যাপ্ত পৰিমাণে খোৱাপানীৰ ব্যৱস্থা। শিক্ষাৰ্থীক কোট, টাই পিন্ধিবলৈ বাধ্য কৰিব নোৱাৰিব কৰ্তৃপক্ষই(Kamrup Metro Schools Change Timings)।

শিক্ষাৰ্থীসকলে সুবিধা হিচাপে জোতাৰ পৰিৱৰ্তে পিন্ধিব পাৰিব ছেণ্ডেল। শ্ৰেণীকোঠাত থাকিব লাগিব ফেনৰ লগতে অন্যান্য সুবিধা। যদিহে বিদ্যুৎ সংযোগ ব্যাহত হ’লে বিকল্প বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিব লাগিব।

লগতে পঢ়ক :Online trading scam : আজি পুনৰ ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত লয় বিশাল ফুকনক