Watch | Kampur news : কচুৱাৰ লংজাপ পদুমণিৰ এগৰাকী ১৫ বছৰীয়া কিশোৰ নিৰুদ্দেশ
কামপুৰ : নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত লংজাপ পদুমণি পাহাৰতলী গাঁৱৰ এগৰাকী ১৫ বছৰীয়া কিশোৰ সন্ধানহীন হোৱাত অঞ্চল জুৰি তীব্ৰ চাঞ্চলৰ সৃষ্টি হৈছে। ছিৰাজুল হক নামৰ কিশোৰ গৰাকী দুসপ্তাহ ধৰি সন্ধানহীন হোৱাত কান্দোনত ভাঙি পৰে পৰিয়ালৰ লোকে। বিভিন্ন ঠাইত বিচাৰিও কোনো সন্ধান উলিয়াৱ নোৱাৰাত কচুৱা থানাত জাননী দিয়ে পৰিয়ালৰ লোকে। কোনো সদাশয় লোকে যদি কিশোৰ গৰাকীৰ কিবা সম্ভেদ পায় তেন্তে 94017 68302 নম্বৰত অথবা আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ।