Local, Vocal, Global

Kampur Flood Situation Grim : ধেমাজিত বানৰ তাণ্ডৱ; জোনাই আৰু চিলাপথাৰ সংযোগী ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল পানী

নিউজ ডেস্ক,১১জুলাই : ৰাজ্যত বানৰ বিভীষিকা । এইবাৰ ধেমাজিত বানৰ তাণ্ডৱ। জোনাই আৰু চিলাপথাৰ সংযোগী ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল পানী। বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচলৰ পৰা বৈ অহা পানীয়ে বিভিন্ন নৈ-উপনৈৰ জলস্তৰ বৃদ্ধিৰ পোৱাত চিলাপথাৰৰ বিভিন্ন অঞ্চলত বানে প্লাবিত কৰিছে(Kampur Flood Situation Grim)।

ইফালে,বৃহস্পতিবাৰৰ পুৱাৰ পৰা হোৱা মূষলধাৰ বৰষুণৰ ফলত জলকীয়াসূতি আৰু গগৰা নদীৰ বাঢ়নী পানী বৃদ্ধি হোৱাৰ ফলত চিলাপথাৰ আৰু জোনাই সংযোগী ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী৷ জলকীয়াসূতি আৰু ডিমৌ নদীৰ বাঢ়নী পানীত বুৰ গৈছে চিলাসুতি আৰু মুক্তিয়াৰ এই দুখন গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ২০ খনৰো অধিক গাঁও ।

লগতে পঢ়ক : Sri Lankan Navy Apprehends 13 Indian Fishermen From Tamil Nadu : পুনৰ ১৩ গৰাকী ভাৰতীয়া মাছমৰীয়াক আটক শ্ৰীলংকাৰ নৌসেনাৰ