Local, Vocal, Global

Kampur Flood Situation Grim : অপৰিৱৰ্তিত কামপুৰৰ বান পৰিস্থিতি

নিউজ ডেস্ক,৪জুলাই : ৰাজ্যত ক্রমাৎ ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। বানত প্লাবিত হৈছে এখনৰ পাছত আনখন জিলা। প্লাৱিত হৈছে ৰাজ্যৰ ২৯খন জিলাৰ প্ৰায় ২,৮০০খন গাঁও। ৰাজ্যত বৰ্তমানলৈ বানত আক্ৰান্ত হৈছে ১৬,২৫,০৮৯ গৰাকীকৈ লোক(Kampur Flood Situation Grim)।

অপৰিৱৰ্তিত নগাঁও জিলাৰ বানপৰিস্থিতি। কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ বহু এলেকা বানৰ কবলত পৰাত ৰাইজৰ বিলৈ বিপত্তি নোহোৱা হৈছে। কপিলীৰ তৃতীয়টো বানত কামপুৰৰ শিমলাইপথাৰ, বকুলগুৰি, কুম্ভিৰডুবি, কপিলীকান, ১নং কুঢিমৰী, নিজ নাৰিকলি, দেউৰীগাও গাৰুখুন্দা, চাইবুক, মেধি ভকত গাঁৱকে ধৰি ১৪ খন গাঁও বানৰ কবলত আছে। লগতে ৰহা ৰাজহ চক্ৰৰ বগলাজান , কাকতিগাঁও, গুইমাৰী, পূৱ গুইমাৰী, বন্দুৱাবিল, বালিজুৰি, ধৰমুখ আদিকে ধৰি ১৮ খন গাঁও পুনৰ বানৰ কবলত পৰাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

ইপিনে কামপুৰ -যমুনামুখ লোকনিৰ্মাণ বিভাগৰ পথৰ ওপৰেৰে মেধিভকত গাঁৱৰ ওচৰত কপিলীৰ পানী বাগৰাত যাতায়ত ব্যৱস্থা ব্যাহত হৈছে। একেদৰে কামপুৰ বকুলগুৰি পথ আৰু বকুলগুৰি-পশ্চিম কাৰ্বিআংলং সংযোগী পথৰ ওপৰেৰে পানী বাগৰাত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। ইতিপূৰ্বে হোৱা দুটা বানপানীয়ে ছিঙিনিয়া মথাউৰি আৰু পথৰ ছিঙা অংশই পানী সোমোৱাত বানপৰিস্থিতি ভয়াৱহ হৈ উঠিছে।

কামপুৰত ১৪ আৰু ৰহাত ১৮খন গাঁও জলময় হৈছে বুলি জিলা দুৰ্যোগ প্ৰশমন বিভাগে জানিবলৈ দিয়ে। জলসম্পদ বিভাগৰ তথ্য অনুসৰি কামপুৰত কপিলী বিপদসীমাৰ ১.৩৫ মিটাৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে খেৰণিত কপিলী বিপদসীমাৰ ১৫ছেণ্টিমিটাৰ তলেৰে বৈ আছে।

লগতে পঢ়ক : Section 163 in Nagaon after tiger scare : নগাঁৱত বাঘৰ আতংক; জাৰি ১৬৩ ধাৰা