Kamal Nath set to join BJP National council meeting Delhi : কংগ্ৰেছত ব্যাপক খহনীয়া ! পুনৰ কংগ্ৰেছী নেতাৰ বিজেপিত যোগদানৰ সম্ভাৱনা
নেশ্যনেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী : কংগ্ৰেছত ব্যাপক খহনীয়া ! আগন্তুক লোকসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক তথা বিৰোধী পক্ষ কিন্তু তাৰ পূৰ্বে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । পুনৰ কংগ্ৰেছ নেতাৰ বিজেপিত যোগদানৰ সম্ভাৱনা। কংগ্ৰেছী নেতাৰ বিজেপিত যোগদানক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰ চৰাত সৃষ্টি হৈছে জোকাৰণি(Kamal Nath set to join BJP National council meeting Delhi ) ।
এইবাৰ মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথৰ বিজেপিত যোগদানৰ প্ৰস্তুতি চলাইছে বুলি খবৰ ওলাইছে । ইয়াক লৈ ৰাজনৈতিক মহলত সৃষ্টি হৈছে ব্যাপক জল্পনা-কল্পনা।
জানিব পৰা মতে,ইতিমধ্য়ে ভূপাললৈ ৰাওনা হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথে । দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সন্মিলন চলি থকাৰ সময়তে কমল নাথে ছিন্দৱাৰাত অনুষ্ঠিত হোৱা সন্মিলন আৰু ১৮ ফেব্ৰুৱাৰীত তামিয়াত অনুষ্ঠিত হ’বলগীয়া বৈঠক বাতিল কৰি ভূপাললৈ ৰাওনা হৈছে । ইয়াৰ লগে লগে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে কংগ্ৰেছত এক বৃহৎ বিভাজনৰ সম্ভাৱনা তীব্ৰতৰ হৈছে ।
বিশেষ সূত্ৰৰ মতে কমল নাথৰ লগতে তেওঁৰ পুত্ৰ সাংসদ নকুল নাথৰ লগতে ১০ জন ঘনিষ্ঠ বিধায়ক আৰু সমৰ্থকেও বিজেপিৰ সদস্যপদ লাভ কৰিব পাৰে ।কমল নাথৰ সমৰ্থক ৰাজ্যখনৰ ১০ গৰাকী বিধায়কো বিজেপিমুখী হ’ব বুলি চৰ্চা চলিছে(Congress Leader Kamal Nath And His Chhindwara MP Son May Join BJP Before Rahul Gandhi’s Yatra Enters Madhya Pradesh) ।
জ্যেষ্ঠ সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক প্ৰকাশ ভাটনাগৰে এই সন্দৰ্ভত কয় যে কমল নাথৰ ৰাজনৈতিক ইনিংছৰ অন্তিম নিৰ্বাচন আছিল ২০২৩ চনৰ বিধানসভা নিৰ্বাচন । তেওঁ তাত বিফল হৈছিল । কিন্তু আৰম্ভণিৰে পৰা চিন্তাৰ বিষয় হৈছে ছিন্দৱাৰা আৰু নকুল নাথ আৰু সাংবাদিকগৰাকীয়ে ভাবে যদি কমল নাথে বিজেপিত যোগদান কৰে, যাৰ ৯৯ শতাংশ সম্ভাৱনা আছে, তেন্তে তাৰ কাৰণো হ’ব । কিন্তু তেওঁৰ একাংশ সমৰ্থকো যে বিজেপিলৈ যাব সেয়া নিশ্চিত (BJP says its doors open to Kamal Nath, Nakul Nath, amidst Congress denial)।