WATCH | Kaliabor Protest : কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাত প্ৰতিবাদ
কলিয়াবৰ,১৫জুন : কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাত প্ৰতিবাদ ।
অভিযুক্ত আচামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত জখলাবন্ধা আৰক্ষী থানাত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুব্ধ জনতাই।
কলিয়াবৰ কুঠৰীৰ ন-জান মছজিদৰ দীৰ্ঘদিনীয়া হিচাব নিকাচ আদায় নিদিয়াৰ ঘটনাক কেন্দ্ৰ কৰি জমিৰ আলি নামৰ এগৰাকী শিক্ষকে ১৩ জুন শুকুৰবাৰে জুমা নামাজৰ শেষত চমচেৰ আলি নামৰ এগৰাকী লোকক মাৰপিট কৰি গুৰুতৰ ভাৱে আহত কৰিছিল(Kaliabor Protest)।
বৰ্তমান দিশপুৰ হস্পিটালত চিকিৎসাধীন হৈ থকা চমচেৰ আলিৰ স্বাস্থ্য অধিক অৱনতি ঘটে বুলিও পৰিয়ালৰ লোকে জানিব দিয়ে। ইফালে ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে ৬৩/২৫ নম্বৰত এটি গোচৰ ৰুজু কৰিছে যদিও অভিযুক্ত জমিৰ আলিক বৰ্তমানে আটক কৰা নাই আৰক্ষীয়ে।
সেয়েহে আজি কুঠৰি ন-জান অঞ্চলৰ একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে জখলাবন্ধা আৰক্ষী থানাত।
লগতে পঢ়ক : WATCH | Jagiroad News : জাগীৰোডত ৮৩ কটন কলেজিয়েট বিনামূলীয়া স্বাস্থ্য শিৱিৰ