WATCH | Kaliabor News : কলিয়াবৰত মুকলি সাইনাথ নামৰ নাৰ্চাৰী
কলিয়াবৰ,১৬জুন : কলিয়াবৰত মুকলি সাইনাথ নামৰ নাৰ্চাৰী । নাৰ্চাৰী মুকলি কৰে অসম চৰকাৰৰ শস্য উন্নয়ন আৰু বৃক্ষ ৰোপন নিগমৰ অধ্যক্ষ মণি মাধৱ মহন্তই।
কলিয়াবৰৰ চতিয়ালত হৰেন বৰা আৰু জয়ন্ত বৰকাকতি নামৰ দুজন যুৱকে গঢ়ি তুলিছে এখনি নাৰ্চাৰীখন। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত স্থাপন কৰা এই সাইনাথ নাৰ্চাৰীখনত উপলব্ধ হ’ব বিভিন্ন ফল-মূল ,ফুল ৰ লগতে বিভিন্ন ঔষধী গছৰ পুলিও(Kaliabor News)।
আজি এই নাৰ্চাৰীখন আনুষ্ঠানিক ভাৱে মুকলি কৰে অসম চৰকাৰৰ শস্য উন্নয়ন আৰু বৃক্ষ ৰোপন নিগমৰ অধ্যক্ষ মণি মাধৱ মহন্তই। নাৰ্চাৰী মুকলি অনুষ্ঠানত কলিয়াবৰ মহকুমা কৃষি বিষয়া গৰাকীৰ লগতে কলিয়াবৰ আৰক্ষী নিবেশৰ আৰক্ষী বিষয়া ঋতুপৰ্ণ ডেকা,কলিয়াবৰ সাংবাদিক সন্থাৰ সভাপতি অজয় দে জ্যেষ্ঠ সাংবাদিক নৃপেন চন্দ্ৰ কেওটকে প্ৰমুখ্য কৰি কলিয়াবৰৰ ভালে সংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Assam Youth Goes Missing : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক