Local, Vocal, Global

WATCH | Kaliabor News : হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰি জলসম্পদ বিভাগৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি

কলিয়াবৰ,৩জুন : হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰি জলসম্পদ বিভাগৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি। হাতীমূৰা মথাউৰি পুনৰ নিৰ্মাণৰ বাবে আৱন্টিত ধনৰ ৫০ শতাংশ ধন খৰচ নকৰাৰ অভিযোগ । জলসম্পদ বিভাগৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে।

আজি ছাত্ৰ সংগঠনটোৰ এটি সঁজাতি দলে হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰি জলসম্পদ বিভাগৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হ’ল(Kaliabor News)।

ৰাজ্যৰ প্ৰথমটো বানত কলিয়াবৰৰ হাতীমূৰা মথাউৰিলৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কঢ়িয়াই অনা ভাবুকি সন্দৰ্ভত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সঁজাতি দলটিয়ে পৰিদৰ্শন কৰে মথাউৰিটো।

স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই সোমবাৰে নিশা মথাউৰি পৰিদৰ্শন কৰি জলসম্পদ বিভাগক মথাউৰিৰ লগতে কুফাৰ বান্ধৰ মেৰামতিৰ কাম খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত আজি পূৰ্ণ গতিত জলসম্পদ বিভাগে মথাউৰিৰ কাম অব্যাহত ৰাখিছে।

লগতে পঢ়ক : WATCH | Dalgaon News : দলগাঁৱৰ এখন গুৰুত্বপূৰ্ণ পথ মেৰামতিৰ দাবী আমছুৰ