Local, Vocal, Global

WATCH | Kaliabor News : কলিয়াবৰ আমৱাগান উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অঘটন

কলিয়াবৰ,২৯মে’ : কলিয়াবৰ আমৱাগান উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত সংঘটিত হৈছে এক ঘটনা।

বিদ্যালয়ৰ শ্ৰেণী কোঠাত পাঠদান হৈ থকা সময়তে অচেতন হৈ পৰে বিদ্যালয়ৰ ৬ গৰাকীকৈ ছাত্ৰী।

প্ৰাথমিক চিকিৎসাৰ বাবে আমবাগান চিকিৎসালয়লৈ ছাত্ৰী কেইগৰাকীক বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে কলিয়াবৰ সম জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে(Kaliabor News)।

বৰ্তমানলৈকে সংকটমুক্ত হোৱা নাই ছাত্ৰী কেইগৰাকী।

উৎকট গৰমৰ ফলতেই উক্ত ঘটনা সংঘটিত হোৱা আশংকা কৰিছে বিদ্যালয়ৰ কতৃক্ষই।

ছাত্ৰীকেইগৰাকী দশম শ্ৰেণীৰ লিপিকা দেৱী, কবিতা বিশ্বাস, ৰুমিকা সিংহা,প্ৰাতিকা দাস,মেনকা বিশ্বাস।

লগতে পঢ়ক : WATCH | Nalbari News : জয়সাগৰ আয়ুষ্মান আৰোগ্য মন্দিৰৰ উদ্যোগত বিশ্ব মেন্সুৰেচন দিৱস পালন