Local, Vocal, Global

WATCH | Kaliabor News : কাজিৰঙাত দেশী বিদেশী পৰ্যটকৰ হাতে হাতে বাঁহৰ চুঙা

কলিয়াবৰ,১৪মে’ : প্লাষ্টিক নিষিদ্ধ কাজিৰঙাত দেশী বিদেশী পৰ্যটকৰ হাতে হাতে প্লাষ্টিক বটলৰ বিকল্প অসমীয়া বাঁহৰ চুঙা।

কাজিৰঙা বেম্ব নামে জনাজাত এই বাঁহৰ চুঙা। দেশী বিদেশী পৰ্যটকৰ সমাদৰ লাভ কৰিছে কাজিৰঙাৰ বাঁহৰ চুঙাই। কাজিৰঙাত পাৰিপাৰ্শ্বিক ৰক্ষাৰ অভিনৱ পদ্বতি দেখি আপ্লুত বিদেশী পৰ্যটক। সমগ্ৰ বিশ্বতে প্লাষ্টিক বৰ্জনৰ আহ্বানৰ সময়তে কাজিৰঙাত পৰ্যটকৰ হাতে হাতে প্লাষ্টিক বটলৰ বিকল্প অসমৰ বাঁহৰ চুঙা। বাঁহৰ চুঙাৰ প্ৰতি আকৰ্ষিত দেশী বিদেশী পৰ্যটক(Kaliabor News)।

কাজিৰঙাৰত নিষিদ্ধ এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক সেয়ে কাজিৰঙাত প্লাষ্টিক বৰ্জনৰ আহ্বান আৰু প্লাষ্টিকৰ বিকল্প ব্যৱহাৰৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে।

কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী যুৱক চন্দন নাথে। প্লাষ্টিক বটলৰ বিকল্প হিচাপে নিজ হাতে তৈয়াৰ কৰি উলিয়াইছে কাজিৰঙা বেম্ব বটল নামেৰে এক বিশেষ ধৰণৰ বাঁহৰ চুঙা।

যোৱা কেইবাবছৰ ধৰি কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকক চন্দন নাথে যোগান ধৰি আহিছে এই বাঁহৰ চুঙা। প্লাষ্টিক বৰ্জন আৰু প্লাষ্টিক বটলৰ বিকল্প বাঁহৰ চুঙাৰ ব্যৱহাৰৰ এনে অভিনৱ পদ্ধতিক দেখি আপ্লুত হৈছে কাজিৰঙালৈ অহা বিদেশী পৰ্যটকো।

বাঁহৰ চুঙাত পানী খাই অন্য এক তৃপ্তি লাভ কৰে পৰ্যটকে। প্লাষ্টিক বটলৰ বিকল্প হিচাপে কাজিৰঙাৰ চন্দন নাথে উদ্ভাৱন কৰা এই বিশেষ ধৰণৰ বাঁহৰ চুঙা পৰ্যটকে হাতত লৈ বিভিন্ন ভংগীমাৰে ফটো, চেল্ফী মৰাৰ ওপৰিও হাতে হাতে কাজিৰঙাৰ পৰা লৈ যায় কাজিৰঙাৰ এক স্মৃতি হিচাপে।

লগতে পঢ়ক : WATCH | Dead body found : গোৰেশ্বৰৰ কলবাৰীত নিৰুদ্দিষ্ট মহিলাৰ মৃতদেহ উদ্ধাৰ