Watch | kaliabor Murder: ঊষা বিশ্বাসৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ
কলিয়াবৰ: কলিয়াবৰৰ লক্ষনাবন্ধাৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত মদন বিশ্বাস,ৰতন বিশ্বাস,দিলীপ বিশ্বাস আৰু শংকৰ বিশ্বাস ক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ উলুৱনী আৰক্ষীৰ।
অৱশেষত হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰা মূল অভিযুক্ত মদন বিশ্বাসক নগাওঁৰ কঠিয়াতলিৰ ৰাঙলুৰ পৰা আটক কৰিবলৈ সক্ষম হয় উলুৱনী আৰক্ষীয়ে।
মদন বিশ্বাস ৰ লগৰ আন তিনিজন অভিযুক্তই উলুৱনী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।
উল্লেখযোগ্য, যে কলিয়াবৰৰ লক্ষনাবন্ধা গাঁওত ঊষা বিশ্বাস নামৰ মহিলা এগৰাকীক চোকা দাৰে ঘপিয়াই হত্যা কৰিছিল উক্ত চাৰি অভিযুক্তই।
সীমা বিবাদৰ বাবেই এনে নৃশংস ঘটনা সংঘটিত কৰি পলাতক হৈ আছিল চাৰিও অভিযুক্ত ।
লগতে পঢ়ক: Watch | Goreswar news: গোৰেশ্বৰত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ