Local, Vocal, Global

Watch | Kakojan footbal কাকজান ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত আজিৰে পৰা অষ্টম সংখ্যক দিবা -নৈশ ফুটবল প্ৰতিযোগিতা

টীয়ক: কাকজান ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত অষ্টম সংখ্যক প্ৰয়াত ত্ৰিবেদানন্দ‌ দত্ত, ইন্দ্ৰ বৰদলৈ আৰু তৰুণ চন্দ্ৰ ভূঞা সোঁৱৰণী ১৩ বছৰ ১৫ ,১৭ বছৰ ল’ৰা আৰু মহিলা দিবা -নৈশ ফুটবল প্ৰতিযোগিতা আজিৰ পৰা অনুষ্ঠিত হৈছে ।

আজিৰে পৰা ১২ মে লৈ হ’ব লগা প্ৰতিযোগিতা খনি অভিজিৎ খতীয়া বৰুৱাই আতধৰা আজি শুভাৰম্ভণি খেল খনি পতাকা উত্তোলন কৰা পাছতে আদৰণি ভাষণ প্ৰদান কৰে পূৱ যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি ৰাম প্ৰসাদ ফুকনে।

জগদুৱাৰ ফুটবল ক’চিঙ আৰু যোৰহাট JPPFC ফুটবল কচিং উদ্বোধনী খেল খনি প্ৰথমে কাকজান মহাবিদ্যালয়ৰ উপাধ্যক্ষ ক্ষিৰোদ শইকীয়া আৰু প্ৰতিদিন টাইমৰ যোৰহাট ব্যৰু পৰমানন্দ বৰাই ১৩ বছৰ অনুৰ্ধ্ব প্ৰতিযোগিতা খনি উদ্ধোধনী কৰে।

আনহাতে কাইলৈ ১০ ম ১৫ বছৰ অনুৰ্ধ্ব প্ৰতিযোগিতাত খনি উদ্বোধন কৰিব বিশিষ্ট সমাজ কৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ য়ে । আনহাতে ১৭ বছৰ অনুৰ্ধ্ব প্ৰতিযোগিতাত খনি সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক সংকল্প গগৈয়ে উদ্বোধন কৰা লগতে আমন্ত্ৰন মূলক বন্ধুত্বমূলক ভেটান খেল খনি ক্ৰীড়া সংগঠক বিষ্ণু বুঢ়াগোহাঁইয়ে উদ্বোধন কৰিব।

সেয়েহে ফুটবল প্ৰতিযোগিতা খনি সকলোৰে উপস্থিতি তথা সহযোগিতাত আশা কৰিছে আয়োজক সমিতিৰ হৈ ক্ৰীড়া সংগঠক মানৱজোতি বৰদলৈ, আৰু ছিৰাজুল ইছলামে।