Kachar illegal rock: বনকৰ্মীৰ অভিযানত কাছাৰ’ৰ কালাইনত জব্দ অবৈধ শিল ভৰ্তি তিনিখন গাড়ী
৭ ফেব্ৰুৱাৰী ২০২৫ ৱেবডেস্ক: বৃহস্পতিবাৰে নিশা কাছাৰ’ৰ গুমৰা ক্ৰীগপাৰ্ক গাৰ্ডেনৰ পৰা গুমৰা বিট অফিচাৰ ফৈজ উদ্দিন লস্কৰ আৰু বিট অফিচাৰ বাছাৰ আলীয়ে অবৈধ শিল ভৰ্তি তিনিখন ট্ৰাক জব্দ কৰে। জানিব পৰা মতে, সৰবৰাহকাৰীয়ে কালাইন নদীৰ পৰা অবৈধভাৱে অবৈধ শিল সৰবৰাহ কৰিবলৈ চেষ্টা চলাইছিল,যদিও গোপন খবৰ’ৰ ভিত্তিত বনকৰ্মীৰ যৌথ অভিযানত শিলভৰ্তি তিনিখন ট্ৰাক আটক কৰিবলৈ সক্ষম হয়। বৰ্তমানৰ শিল ভর্তি ট্ৰাক তিনিখন কালাইন ৰেঞ্জ অফিচত আছে বুলি জানিব পৰা গৈছে ।