K.P. Sharma Oli sworn in as Nepal’s Prime Minister : চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কে পি শৰ্মা অলিয়ে
নিউজ ডেস্ক,১৫জুলাই : চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কে পি শৰ্মা অলিয়ে ।
কে পি শৰ্মা অলিয়ক দেওবাৰে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলে ৷ তাৰ পিছত সোমবাৰে পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কে পি শৰ্মা অলিয়ে । ৰাষ্ট্ৰপতি ভৱনৰ মূল ভৱন শীতল নিৱাসত ৰাষ্ট্ৰপতি পৌড়েলে প্ৰধানমন্ত্ৰী অলিক শপত বাক্য পাঠ কৰোৱায় (K.P. Sharma Oli sworn in as Nepal’s Prime Minister)।
উল্লেখ্য যে, শুকুৰবাৰে অনুষ্ঠিত হোৱা আস্থা ভোটত পুষ্প কমল দাহাল ‘প্ৰচণ্ড’ক পৰাস্ত কৰিবলৈ সক্ষম হয় ৭২ বছৰীয়া অলিয়ে ৷ সংসদৰ সৰ্ববৃহৎ দল নেপালী কংগ্ৰেছৰ সহযোগত তেওঁ প্ৰধানমন্ত্ৰী হৈছিল পুষ্প কমল দাহাল । হিমালয়ৰ পাদদেশৰ ৰাষ্ট্ৰখনত ৰাজনৈতিক স্থিতিশীলতা প্ৰদানৰ ক্ষেত্ৰত ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নতুন মিত্ৰজোঁটৰ চৰকাৰৰ নেতৃত্ব দিব কে পি শৰ্মা অলিয়ে ।
অলিয়ে এতিয়া সাংবিধানিক আদেশ অনুসৰি নিযুক্তিৰ ৩০ দিনৰ ভিতৰত সংসদৰ পৰা আস্থা ভোট লাভ কৰিব লাগিব । ২৭৫ খন আসন থকা নেপালৰ সদনত অলিক ন্যূনতম ১৩৮ টা ভোটৰ প্ৰয়োজন হ’ব(KP Sharma Oli takes oath as new PM of Nepal) ৷
ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টি, জনতা সমাজবাদী পাৰ্টী নেপাল, লোকতান্ত্ৰিক সমাজবাদী পাৰ্টী, জনমত পাৰ্টী, নাগাৰিক উনমুক্তি পাৰ্টীকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহেও চৰকাৰত যোগদান কৰাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : Assam Police officers raises hand with bribe in Fakirganj : পুনৰ খাকী পোচাকত দাগ লগালে আৰক্ষী বিষয়াই