Local, Vocal, Global

Juria Accident : জুৰীয়াত স্থানীয় লোকৰ ওপৰেদি চলিল চাৰিচকীয়া বাহন

জুৰিয়া, ২৬জুন : সোমবাৰে জুৰীয়াৰ বাটমাৰীত ভয়ংকৰ ঘটনা। এখন সাধাৰণ কাজিয়াই ললে ভয়ংকৰ ৰূপ। কাজিয়াৰ খঙৰ ভমকত স্থানীয় ৰাইজৰ ওপৰেৰে চলালে চাৰিচকীয়া বাহন ।

জানিব পৰা মতে এই ঘটনাৰ ফলত ৯ জনকৈ লোক আহক হয় ৷ আহত সকলক মাজত আছে এজন স্কুলীয়া ছাত্ৰী।এই ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে পুৱাই জুৰীয়াৰ বাটমাৰীত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ অভিযুক্তটোৰ নাম মইনুল বুলি জানিব পৰা গৈছে ।

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, পইচাৰ লেনদেন সংক্ৰান্তীয় কোনো কথাত মইনুল আৰু ছাজিদৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল হৈছিল ৷ তাৰ পাচতে ছাজিদৰ চাৰিচকীয়া বাহনৰ চাবি কাঢ়ি বাহনখন লৈ ওলাই যায় মইনুলনে ৷

ইফালে দুয়োৰে মাজৰ কাজিয়া বেয়াৰ ফালে গতি কৰাত স্থানীয় লোকে মীমাংসা কৰাৰ চেষ্টা কৰে যদিও শান্ত কৰিব নোৱাৰে পৰিৱেশ ৷উল্লেখ্য যে, মইনুলে ছাজিদৰ চাৰিচকীয়া বাহনেৰে তেওঁক খুন্দা মাৰিবলৈ চেষ্টা চলাওঁতেই স্থানীয় ৰাইজে গাড়ীখন বাধা দিয়াৰ চেষ্টা কৰে যদিও বাধা দিবলৈ সক্ষম নহয় আৰু খঙৰ ভমকত মইনুলে গাড়ীখনৰ আগত আগভেঁটি ধৰা সকলোকে মহতিয়াই লৈ যায় ৷ ফলত ৯ জনকৈ লোক আহত ৷

তথ্য অনুসৰি, আহত দুজনক দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাৰ বিপৰীতে এজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও লৈ প্ৰেৰণ কৰে । ইতিমধ্যে দগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Constituency Delimitation 2023 : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক কেন্দ্ৰ কৰি উত্তাল ৰাজ্যৰ ৰাজনীতি, বৰাক উপত্যকাত ১২ ঘণ্টীয়া বন্ধৰ আহ্বা