Junmoni Rabha death case : অৱশেষত জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত আৰক্ষী অধীক্ষক লীনা দলেক চিবিআইৰ জেৰা
নিউজ ডেস্ক, ৩১ জুলাই : অসম আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰয়াত জোনমণি ৰাভাৰ মৃত্যুক লৈ CBIয়ে আৰক্ষী অধীক্ষক লীনা দলেক অৱশেষত জেৰা চলাই(Junmoni Rabha death case) । উল্লেখ্য যে জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত জোনমণি ৰাভাৰ মাতৃয়ে দাখিল কৰা এজাহাৰত নগাঁৱৰ তদানীন্তন অধীক্ষক লীনা দলেৰ নাম উল্লেখ আছিল (SP Leena Doley)।
এজাহাৰত জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই দাবী কৰিছিল যে, ‘মই নিশ্চিত যে তাইৰ মৃত্যু কোনো দুৰ্ঘটনাৰ ফলত নহয়, পূৰ্ব পৰিকল্পিত হত্যাকাণ্ডৰ ফলতহে হৈছে।” এজাহাৰ খনত জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ প্ৰধান অভিযুক্ত হিচাপে লীনা দলেক অভিযুক্ত কৰা হৈছিল।
SI জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে নাম জড়িত হৈ পৰা তদানীন্তন নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেক আজি চি বি আইৰ জেৰা । উল্লেখ্য যে ১৬ মে’ৰ নিশা মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভা ৰহস্যজনক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাৰ পাছতে এই ঘটনা সন্দৰ্ভত চি বি আইৰ তদন্ত দাবী হৈছিল সৰ্বত্ৰে ।
উল্লেখ্য কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটো ডি আই জি লাভলী কাটাৰিয়াৰ নেতৃত্বত অহা এটা দলে নগাওঁ আৰু লখিমপুৰ জিলা ভ্ৰমণ কৰি গোচৰটোৰ সৈতে জড়িত হৈ পৰা প্ৰতিজন লোককে সোধপোছ কৰিছিল । আনকি চি বি আইৰ এই দলটোৰ জেৰাৰ সন্মুখীন হৈছিল নকল সোণ, জাল নোটৰ ব্যৱসায়ৰে জড়িত বহু লোক ।
আনহাতে চি বি আইৰ দলটোৱে পৰিদৰ্শন কৰিছে জোনমণি ৰাভাৰ বাহন দুৰ্ঘটনাত পতিত হোৱা কলিয়াবৰৰ সেই বিশেষ স্থান। উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে তেওঁৰ মাতৃ সুমিত্ৰা ৰাভাই ১৯ মে’ত জখলাবন্ধা থানাত এক গোচৰ ৰুজু কৰিছিল।
এই গোচৰত তেওঁ তদানীন্তন নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক তথা বৰ্তমানৰ হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নামো সন্নিৱিষ্ট কৰিছিল । অভিযোগ অনুসৰি লীনা দলেয়ে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পাছতে পুৱতি নিশা জোনমণি ৰাভাৰ আৱাসগৃহত অভিযান চলাই বহু গুৰুত্বপূৰ্ণ নঠিপত্ৰ লৈ যোৱাৰ লগতে ১ লাখৰো অধিক ধন লৈ গৈছিল বুলি অভিযোগ উত্থাপন হৈছিল ।
বিশেষ সূত্ৰৰ খবৰ অনুসৰি, চিবিআই-এ জোনমণি ৰাভাৰ লগতে নগাঁৱৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগ আৰু আৰক্ষী পৰিদৰ্শক ৰূপজ্যোতি কলিতাক সোধা-পোছাৰ বাবে মাতি নিছে । অৱশ্যে তদন্তৰ সবিশেষ চিবিআইৰ দলে প্ৰকাশ কৰা নাই ।
সূত্ৰ অনুসৰি, আজি অৰ্থাত সোমবাৰে গুৱাহাটীৰ এটা অতিথিশালাত অতি গোপনে লীনা দলেক জেৰা কৰা বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, যোৱা ১৪ জুনত অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৰ হাতত দিয়া হৈছিল। যোৱা ১২ জুনত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে নতুন দিল্লীৰ চিবিআইৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ পিছতে এই গোচৰটো চিআইডি পৰা তদন্তকাৰী সংস্থালৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । অৱশেষত আজি লীনা দলেক চি বি আইয়ে জেৰা চলাই ।
লগতে পঢ়ক : Land for job scam case : EDয়ে জব্দ কৰিলে লালু প্ৰসাদ যাদৱ আৰু পৰিয়ালৰ ৬ কোটি টকাৰ সম্পত্তি