Local, Vocal, Global

Journalist Death Toll In Hamas Israel War Reaches 18 : ইজৰাইল-হামাছৰ যুদ্ধৰ বিধ্বংসী ৰূপ;মৃত ১৮ জনকৈ সাংবাদিকৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯অক্টোবৰ : অব্যাহত আছে ইজৰাইল হামাজৰ যুদ্ধ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধা বন্ধ হোৱাৰ নাম লোৱা নাই ।

বৰ্তমান ইজৰাইল-হামাছৰ যুদ্ধয়ে লৈছে বিধ্বংসী ৰূপ ৷ ইজৰাইল-হামাছৰ যুদ্ধত এতিয়ালৈ ১৮ জন সাংবাদিকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ৷ ইয়াৰে ১৪ গৰাকী পেলেষ্টাইনী সংবাদিক ৷

নেশ্যনেল প্ৰেছ ক্লাবৰ সভাপতি আইলিন অ’ৰেলি আৰু নেচনেল প্ৰেছ ক্লাব জাৰ্নালিজম ইনষ্টিটিউটৰ সভাপতি গিল ক্লেইনৰ এক বিবৃতিযোগে ইজৰাইলৰ আৰু হামাছৰ মাজৰ এই বিধ্বংসী যুদ্ধত প্ৰাণ হেৰুওৱা সাংবাদিকসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে (Journalist Death Toll In Hamas Israel War Reaches 18) ৷

বিবৃতিটোত কয় যে , “আমি ইজৰাইল আৰু হামাছৰ মাজত হোৱা সংঘৰ্ষৰ ফলত নিহত হোৱা সাংবাদিকসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছো ৷ মৃত সাংবাদিকসকলৰ ভিতৰত বেছিভাগেই পেলেষ্টাইনী ৷ ইজৰাইলে গাজাত কৰা বিমান আক্ৰমণৰ ফলত এতিয়ালৈ ১৪ গৰাকী সাংবাদিকৰ মৃত্যু হৈছে । যুদ্ধৰ প্ৰথম দিনকেইটাত আমি কোনো ইজৰাইলী সাংবাদিকৰ মৃত্যু হোৱাৰ তথ্য পোৱা নাছিলো ।

প্ৰাপ্ত তথ্য অনুসৰি, হামাছৰ আক্ৰমণ ফলত কমেও তিনিজন লোক নিহত হৈছে । আন এজন ইজৰাইলী সাংবাদিক বুলি চিনাক্তকৰণ কৰা হয় ৷”

শেহতীয়া এক তথ্য অনুসৰি, মৃত সাংবাদিকসকলৰ ভিতৰত পাঁচগৰাকী মহিলা সাংবাদিক আছিল ৷ তাৰে তিনিগৰাকী পেলেষ্টাইনী আৰু দুগৰাকী ইজৰাইলী। এই সংঘাতৰ ফলত আন বহুতো সাংবাদিক আহত হৈছে ৷ লগতে বহু সাংবাদিক সন্ধানহীন আৰু বন্দী হৈ আছে সন্দেহ কৰা হৈছে ।

লগতে নেশ্যনেল প্ৰেছ ক্লাবৰ সভাপতি আইলিন অ’ৰেলি আৰু নেচনেল প্ৰেছ ক্লাব জাৰ্নালিজম ইনষ্টিটিউটৰ সভাপতি গিল ক্লেইনে কয় যে, “ইজৰাইল হামাজৰ যুদ্ধত সাংবাদিকসকলে বিপদজনক পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে, আমি তেওঁলোকৰ সুৰক্ষাৰ বাবে চিন্তিত ৷

যিহেতু বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ইজৰাইল চৰকাৰৰ সৈতে সাক্ষাৎ কৰে, আমি তেওঁলোকক অনুৰোধ জনাওঁ যে, তেওঁলোকে যুদ্ধক্ষেত্ৰত তথ্য সংগ্ৰহ কৰা সকলো সাংবাদিকৰ সুৰক্ষাৰ বিষয়টোও যাতে উত্থাপন কৰে ।”

লগতে পঢ়ক : Arab leaders summit with Joe Biden in Amman called off : জৰ্ডান যাত্ৰা বাতিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ