Local, Vocal, Global

WATCH | Jorhat News : পোহৰলৈ আহিছে বাল্য বিবাহক লৈ ভয়ংকৰ তথ্য

যোৰহাট,১৪জুন : পোহৰলৈ আহিছে বাল্য বিবাহক লৈ ভয়ংকৰ তথ্য।

যোৰহাট মেডিকেল কলেজ চিকিৎসালয়ৰ এক তথ্যই চকু কপালত তুলিব আপোনাৰো। মৰিয়নিৰ এগৰাকী দশম মান শ্ৰেণীৰ ছাত্ৰীয়ে মাতৃত্ব অৱৈধ বুজা লৈ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰিবলৈ আহোতেই ভয়ংকৰ তথ্য ওলাই পৰিছে(Jorhat News)।

চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে JMCH লৈ আহিছে ৪৫-৫০ টা বাল্য বিবাহৰ ঘটনা।এই সকলৰ ভিতৰত আছে যোৰহাট,গোলাঘাট,মাজুলী,লখিমপুৰ,শিৱসাগৰৰ।

JMCH ৰ অধীক্ষক মানৱ গোহাঁইয়ে উল্লেখ কৰে যে কম বয়সত সন্তান জন্ম দিয়া বিপজ্জনক মাতৃ আৰু সন্তানৰ বাবে।ৰাজ্য চৰকাৰে বাল্য বিবাহ বিৰোধী যিমানেই অভিযান নচলাওক কিয় সেইয়া এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে।

লগতে পঢ়ক : WATCH | Keshab Mahanta : কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ অভিনন্দন অনুষ্ঠান