Jorhat News:যোৰহাটত ব্লেকমেইলিঙৰ ঘটনা
যোৰহাট,১৪ডিচেম্বৰ : যোৰহাটত ব্লেকমেইলিঙৰ ঘটনা।BSNLৰ কৰ্মচাৰীয়ে কৰিলে ব্লেকমেইলিং।
হেমন্ত দত্ত BSNL অফিচৰ এগৰাকী কৰ্মচাৰী । কিন্তু হেমন্ত দত্তৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰ।
প্ৰথমে এই ২০ টকীয়া দলিলখনলৈ মন কৰক।নটাৰীৰ স্বাক্ষৰ থকা এই দলিলত লিখা আছে জীৱন চুতীয়া নামৰ এজন ব্যক্তিয়ে নিজৰ মাটি মটগেজ হিচাপে ৰাখি হেমন্ত দত্তৰ পৰা ১.২০ হাজাৰ টকা ধাৰলৈ লৈচিল ২০২০ চনৰ ডিচেম্বৰত(Jorhat News)।
এই কথা স্পষ্টভাৱে এই দলিল খনত লিখা আছে। য’ত নটাৰীৰ ছিল ছহীও আছে। কিন্তু হেমন্ত দত্তৰ টকাৰ লোভে এতিয়া বিপদত পেলাইছে জীৱন চুতীয়া নামৰ এই ব্য়ক্তিজনক।
একেখন দলিলৰ শপত নামাত যি ধনৰ পৰিমান লিখা আছিল সেইয়া হেমন্ত দত্তৰ বগা ছিয়াহিয়ে কৰিলে ২,২০,০০০ হাজাৰ টকা। এতিয়া আপুনি চিন্তা কৰক । হেমন্ত দত্তৰ মগজুত টকাৰ লালসাই যেন নটাৰীৰ চিল চহি থকা শপত নামাকো বদলি কৰিব পাৰে। এই কথা জীৱন চুতীয়াই গম পোৱাৰ পিছত যোৰহাট আৰক্ষীৰ কাষ চাপে আৰু দাখিল কৰে এজেহাৰ।
এজেহাৰ দাখিল কৰাৰ পাছতে যোৰহাচ আৰক্ষী গা লৰা নাই।কিয় যোৰহাট আৰক্ষীৰ গা লৰা সেয়া আচল প্ৰশ্ন। আমাৰ এই বাতৰিৰ পাছত হেমন্ত দত্তৰ বিৰুদ্ধে ব্যৱস্থা ল’ব নে যোৰহা’ আৰক্ষীয়ে। নটাৰীৰ চিল চহী থকা শপত নামাক বগা চিয়াহিৰে ধনৰাশি অধিক কৰা ঘটনাটোক সহজভাৱে কিয় লৈছে আৰক্ষীয়ে। ইয়াক লৈ প্ৰশ্ন জীৱন চুতীয়াৰ।
লগতে পঢ়ক :Domestic violence in Rangia:সুৰাপান কৰি পত্নীক শাৰিৰীক আৰু মানসিক অত্যাচাৰ লম্পট স্বামীৰ