Local, Vocal, Global

WATCH | Jorhat News : বালিগাঁও বিদুৎ উপ সংমণ্ডলৰ বিভাগৰ কথা আৰু কিমান কম

যোৰহাট,২৫মে’ : কথাবোৰ শুনিও নুশুনা ভাও কিয়? বালিগাঁও বিদুৎ উপ সংমণ্ডলৰ বিভাগৰ কথা আৰু কিমান কম।

বালিগাঁও বিদুৎ উপ সংমণ্ডলৰ বিষয়া মৌচুমি শইকীয়া নেতৃত্বত থকা কৰ্মচাৰীৰ একাংশ ভুলৰ বাবে চিৰজীৱনৰ কাৰণে এখন হাত হেৰুৱাব লগা হল ১৭ বছৰীয়া গনশ দাসে।

ঘটনা ১৯ মাৰ্চৰ আছিল। ১৭ বছৰীয়া গনেশ দাসক গছত উঠাই কাটিব দিছিল ডাল। বিদুৎ বিছিন্ন নকৰাকৈয়ে ৩৩ কেভি ভল্টৰ তাৰ লাগি থকা ডাল কাটিব দিছিল বালিগাঁও বিদুৎ উপ সংমণ্ডলৰ বিষয়া আৰু কৰ্মচাৰীয়ে।বিদুৎ তাৰত গছৰ ডাল লাগি ছিটিকি পৰি গণেশ দাসে চিৰজীনৱৰ কাৰণে হেৰুৱাব লগা সোহাত(Jorhat News)।

এই সমগ্ৰ ঘটনাৰ কথা সংবাদকৰ্মীক অৱগত কৰাৰ কাৰণে বাধা দিছিল গণেশৰ পৰিয়ালক। কেৱল বাধা নহয় ভয় ভাবুকি দিয়াৰো অভিযোগ পৰিয়ালৰ। এইগৰাকী বালিগাঁও বিদুৎ উপ সংমণ্ডলৰ বিষয়া মৌচুমি শইকীয়াই চাল চুতুৰিৰে গণেশৰ পৰিয়ালক ১৪ হাজাৰ টকা দি ইয়াতেই দায়িত্ব সামৰে। একমাত্ৰ পুত্ৰৰ দুৰ্দশাক লৈ আউলি বাউলি কান্দি কান্দি ঘুৰি ফুৰিছে পিতৃয়ে। পুত্ৰৰ চিকিসাৰ বাবদ পিতৃৰ দাতত নাই ধন। উপায়ন্তৰ হৈ পিতৃয়ে বিচাৰি ন্যায়।

পিছে ন্যায় দিব কোনে? ধাৰাবাহিক বাতৰিৰ পাছতো গা লৰা বিষয়া কৰ্মচাৰীৰ।

১৭ বছৰীয়া নাবালকৰ গছত উঠাই চিৰজীৱনৰ কাৰণে পংগ কৰা বালিগাঁও বিদুৎ উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াও লক্ষনীয় হব ।ইতিমধ্যে পৰিয়ালৰ লোকে যোৰহাট জিলা আৰক্ষীৰ অধিক্ষক,জিলা আয়ুক্ত দুৱাৰে দুৱাৰে ন্যায় বিছাৰি ঘুৰি ফুৰিছে।

বালিগাঁও বিদুৎ উপ সংমণ্ডলৰ বিষয়া মৌচুমি শইকীয়া। লাইনমেন অজিত বৰা আৰু এগৰাকী দাস উপাধিৰ অভিযন্তাৰ

বিৰুদ্ধে কি ব্যৱস্থা লয় লক্ষনীয় হব।

লগতে পঢ়ক : WATCH | Erosion in Dergaon: দেৰগাঁৱৰ ৰঙামাটিৰ গেলা বিল নদীৰ ভয়াবহ গৰাখহনীয়া