WATCH | Jorhat News : বালিগাঁও বিদুৎ বিভাগে ধ্বংশ কৰিলে এজন যুৱকৰ জীৱন
যোৰহাট,২৩মে’ : বালিগাঁও বিদুৎ বিভাগে ধ্বংশ কৰিলে এজন যুৱকৰ জীৱন। ১৮ বছৰ বয়সতে এখন হাত হেৰুৱাব লগীয়া হ’ল গনেশ দাসে। একাংশ বিষয়া, লাইমেনৰ গাফিলতিৰ ভয়ংকৰ পৰিণাম।
ঘটনাৰ তাৰিখ আছিল চলিত বৰ্ষৰ ১৯ মাৰ্চ। কেইটামান দিনৰ পাছতেই অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। বিহু বুলিয়ে বাপেক পুতেকে ঘৰৰ পৰা ওলাই আহিছিল বজাৰ কৰিবলৈ। পিতৃৰ সৈতে বিহু কাপোৰ কিনিবলৈ অহা গনেশ এতিয়া ডিব্ৰুগড় মেডিকেল কলেজত জীৱনৰ সৈতে ছটফটাই জীয়াই থাকিব লগা হৈছে।
এতিয়া শুনক বালিগাঁও বিদুৎ বিভাগৰ গাফিলতিৰ কথা(Jorhat News)।
১৯ মাৰ্চৰ দিনাখন বালিগাঁও বিদুৎ উপ সংমণ্ডলৰ এলেকা সমুহত গছৰ ডাল কাটিবলৈ হাজিৰাত নিয়োগ কৰিছিল গণেশ দাসৰ পিতৃ বৈকুণ্ঠ দাস নামৰ এইগৰাকী ব্যক্তিক। পিতৃ বৈকুণ্ঠ দাসে লগত লৈ আহিছিল পুত্ৰ গণেশ দাসক। বালিগাঁও বিদুৎ উপ সংমণ্ডলৰ একাংশ কৰ্মচাৰীয়ে জৰ জৱৰদস্তী গণেশ দাসকো নিয়োগ কৰিছিল গছৰ ডাল কাটিবলৈ। পিতৃয়ে হাতযোৰ কৰি বাধা দিছিল যদিও কোনো কাৰণতে যেন পিতৃৰ কথা শুনা নাছিল একাংশ বিদুৎ কৰ্মচাৰীয়ে।
উপায়ন্তৰ হৈ গণেশ দাসে আৰম্ভ কৰিছিল গছৰ ডাল কাটিবলৈ। ৩৩ কে ভি ভল্টৰ তাৰত বিদুৎ থকাৰ পাছতো গছত উঠাই দিছিল ১৮ বছৰীয়া গণেশক। গছৰ ডাল কাটি থাকোতেই তাৰত গছৰ ডাল লাগি ছিটিকি পৰে গণেশ দাস। ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত থকা বিষয়া কৰ্মচাৰীয়ে যোৰহাট চিকিসালয়ত নিয়ে যদিও উন্নত চিকিসাৰ বাবে ডিব্ৰগড়ত প্ৰেৰণ কৰে। ইতিমধ্যে গণেস দাসে হেৰুৱা লগা হয় এখন হাত। ।পৰিয়ালৰ লোকক এই সমগ্ৰ ঘটনাৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰাৰ কাৰণেও ভয় ভাবুকি দিছিল। এই সমগ্ৰ ঘটনা বালিগাঁও বিদুৎ উপ সংমণ্ডলৰ বিষয়া মৌচুমী শইকীয়াৰ নিৰ্দেশত পুৰনিমাটি আলু বাগানত গছৰ ডাল কাটিবলৈ ১৮ বছৰীয়া গনেশ দাসক ৱ্যৱহাৰ কৰাৰ অভিযোগ পৰিয়ালৰ।
বিদুৎ উপ সংমণ্ডলৰ বিষয়া মৌচুমী শইকীয়াই মাত্ৰ ১৪ হাজাৰ টকা দি উন্নত চিকিসাৰ বাবে ডিব্ৰগড়ত প্ৰেৰণ কৰি ইয়াতেই দায়িত্ব সামৰে। পৰিয়ালৰ লোকে বাৰে বাৰে মৌচুমী শইকীয়াক যোগাযোগ কৰাৰ কাৰণে চেষ্টা কৰে যদিও গুৰুত্ব নাই বিদুৎ উপ সংমণ্ডলৰ বিষয়া মৌচুমী শইকীয়াৰ। গান্ধালীৰ এই দৰিদ্ৰ পৰিয়ালটিয়ে উপায়ন্তৰ হৈ অৱশেষত কাষ চাপিছে সংবাদ মাধ্যমৰ। এতিয়াও ডিব্ৰুগড়ৰ মেডিকেল কলেজত চিকিসাধীন হৈ আছে গণেশ দাস।
এতিয়া প্ৰশ্ন হয়..উপ সংমণ্ডলৰ বিষয়া মৌচুমী শইকীয়াক অধিকাৰ কোনে দিলে এনে কাম কৰিবলৈ ?
১৮ বছৰ বয়সত হাত এখন হেৰুৱা গণেশৰ দায়িত্ব কোনে ল’ব ?
চাল চুতুৰিৰে নিজকে বচাব চেষ্ঠা কৰিছে নেকি বিষয়াগৰাকীয়ে ?
আমাৰ এই বাতৰিৰ পাছত বিভাগীয় কৰ্তপক্ষই কি ব্যৱস্থা গ্ৰহন কৰিব সেইয়া লক্ষনীয় হব। ইফালে এই অভিযোগ উঠাৰ পাছতেই সংবাদমাধ্যমৰ আগত কি কলে বিদুৎ উপ সংমণ্ডলৰ বিষয়া মৌচুমী শইকীয়াই শুনক।
লগতে পঢ়ক : WATCH | Rangia News : পত্নীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্ম গোপন ছাদ্দামৰ