Watch | Jorhat news: যোৰহাটৰ চন্দন নগৰত ড্ৰাগছৰ বিৰুদ্ধে সৰৱ ৰাইজ

যোৰহাট : ৰাজ্য চৰকাৰে ৰাজ্যৰ পৰা ড্ৰাগছ নিৰ্মূল কৰিবৰ বাবে প্ৰত্যেক জিলাৰ আৰক্ষী অধীক্ষক তথা আৰক্ষী বিষয়া সকলক নিৰ্দেশ দিছে যদিও কিন্তু বহু সম্ভ্ৰান্ত অঞ্চলত লোকচক্ষুৰ আঁৰত চলি আছে ড্ৰাগছৰ অবৈধ বেহা। যাৰ ফলত সামাজিক পৰিবেশ বিনষ্ট হোৱাৰ লগতে বহু অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয় আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত।
এনে এক দুৰ্ভাগ্যজনক পৰিস্থিতিতে এদল উদণ্ড যুৱকৰ আক্ৰমণত অকালতে প্ৰাণ হেৰুৱাব লগীয়া হয় যোৰহাটৰ চন্দন নগৰৰ যুৱক বেদাঙ্গ ভূষণ বৰুৱাই। কালি চিকিৎসাধৱীন অৱস্থাত যুৱক জনৰ মৃত্যুৰ পাছত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত হয় যোৰহাটৰ চন্দন নগৰত।
আজি চন্দন নগৰৰ কেউটা বাইলেনৰ আবাসী সকল ওলাই আহি চন্দন নগৰত প্ৰতিবাদ সাব্যস্ত কৰে। লগতে ৰাইজে সন্দেহজনক ড্ৰাগছ পেদলাৰ কেইবাটাও গৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। লগতে ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰি মৃত বেদাঙ্গ ভূষণ বৰুৱাৰ ন্যায় বিচৰাৰ লগতে দোষীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে।
আনহাতে আজি স্থানীয় ৰাইজে আহ্বান কৰা প্ৰতিবাদী সভাত উপস্থিত হৈ যোৰহাট আৰক্ষী তথা যোৰহাট আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে , আৰক্ষী সদায় ৰাইজৰ কাষত থাকিব লাগে। কিন্তু বৰ্তমান যোৰহাট আৰক্ষীৰ তেনে সক্ৰিয়তা দেখা পোৱা নাই। এজন ড্ৰাগছ পেদলাৰক আটক কৰি দুটা চৰ মাৰি নিশাতো থানাত বহুৱাই আৰক্ষীয়ে দায়িত্ব সামৰিলে নহব। এই সকলো ক্ষেত্ৰত আৰক্ষী সজাগ হোৱা উচিত।