Local, Vocal, Global

WATCH | Jorhat News : যোৰহাটত সাংবাদিকক দুৰ্ব্যৱহাৰ

যোৰহাট,৮এপ্ৰিল : যোৰহাটত সাংবাদিকক দুৰ্ব্যৱহাৰ ।

যোৰহাট পূর্ব ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰোনাল নাথৰ বিৰুদ্ধে যোৰহাটৰ এজন ফটো সাংবাদিকক তেওঁৰ কাৰ্যালয়ত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ ।

ভুক্তভোগী সাংবাদিকজনে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰে। ফটো সাংবাদিক বিষু সাহাই অভিযোগ কৰা মতে, ৫ এপ্ৰিলৰ সন্ধিয়া ৬.৪০ বজাত তেওঁৰ ককায়েকৰ মাটিৰ বিভাজৰ এটা কামৰ সন্দৰ্ভত চক্র বিষয়াক নিজা কার্যালয়ত সাক্ষাৎ কৰিছিল(Jorhat News)।

অভিযোগ মতে বিষয়াজনে বিষু চাহাক সাংবাদিকৰ দৰে কথা নক’ব বুলি তেওঁক সতৰ্ক কৰি দিয়ে । লগতে ইমান দিন পৰি থকা বিভাজনৰ কামটো কিয় হোৱা নাই, ফোন কৰিলেও ৰিচিভ নকৰে বুলি প্রশ্ন কৰাত বিষয়াজনে সাংবাদিক বিষু সাহাক তৰ্জন গৰ্জন কৰি কাৰ্যালয়ৰ পৰা উলিয়াই পঠিয়ায়।

বিষয়াজনে ফটো সাংবাদিকজনক “আপুনি ইয়াৰ পৰা ওলাই যাওক, এইখন আপোনাৰ ঘৰ বুলি ভাবিছে নেকি? আপুনি কাক কয় কৈ দিয়ক বুলি হুমকি প্ৰদান কৰে । বিষয়াজনৰ এনে ব্যৱহাৰত ক্ষুণ্ণ হৈ বিষু সাহাই যোৰহাট প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাক অৱগত কৰে আৰু প্ৰেছ ক্লাবৰ পৰামৰ্শ মতে মুখ্যমন্ত্ৰীলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য, ইয়াৰ পূৰ্বে একেজন চক্র বিষয়াই মাটি-বাৰী সম্পৰ্কীয় এটা কামত তেওঁক লগ ধৰিবলৈ যোৱা যোৰহাটৰ এজন জ্যেষ্ঠ সাংবাদিকক সাক্ষাৎ কৰিবলৈকে অস্বীকাৰ কৰাত উচ্চপদস্থ বিষয়াৰ সহায়তহে লগ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Panchayat Election 2025 : পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বিভিন্ন ব্লক আৰু চক্ৰ বিষয়ৰ কাৰ্যালয়ত হেতা ওপৰা লগিছে প্ৰাৰ্থীয়ে