Local, Vocal, Global

WATCH | Jorhat News: যোৰহাট নপমুৱা গাঁৱৰ এগৰকী দুৰ্ভগীয়া মহিলা

যোৰহাট,২৫ফেব্ৰুৱাৰী : এগৰাকী মহিলাই কান্দিছে। যোৰহাট নপমুৱা গাঁৱৰ এগৰকী দুৰ্ভগীয়া মহিলা।

ঘটনা অনুসৰি, লক্ষী বৰাই দিন হাজিৰা কৰি পৰিয়ালটো পোহ পালন দিছিল যদিও ৯ মাহৰ আগৰে পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ সৰ্বস্ব শেষ হৈছে । পৰিয়ালটোৰ ৰজাঘৰীয়া কেইবা জনকো আবেদন নিবেদন কৰিছিল যদিয়ো কোনো খা খবৰ নাই । লক্ষী বৰাৰ মাতৃয়ো শাৰীৰিক অসুস্থ । এতিয়া পত্নী মৃনালি বৰাই দুই বছৰীয়া পুত্ৰ সন্তানক কোলাত লৈ ভিক্ষা খুজিব লগীয়া হৈছে । বৰ্তমানলৈকে গুৱাহাটীৰ বি বৰুৱাত চিকিৎসা কৰাই আছিল গাঁও বাসীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত(Jorhat News)।

এতিয়া নিৰুপায় হৈ পৰিছে পৰিয়ালটো। স্বামী শাহুক চিকিৎসাটো দুৰৰে কথা এমুঠি লৰাটোকো খুৱাবলে অপাৰগ হৈ পৰিছে পত্নী মৃনালী বৰা । শাহু আৰু অসুস্থ, স্বামীৰ অসুস্থতাত উপায়হীন হৈ পৰিছে পত্নী।

এই সন্দৰ্ভত আমাৰ যোৰহাটৰ সাংবাদিক বিদ্যাধৰ কলিতাই সামাজিক মাধ্যমত লিখাৰ পাছত ভাৰতীয় জনতা পাটীৰ স্থানীয় কৰ্মীয়ো বিষয়টো আগুৱাই নিয়াত ২৪ ফেব্ৰুৱাৰীত পৰিয়ালটোলৈ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পৰিয়ালতোলে ফোন আহে, পৰিয়ালটো চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালটোক সহায় কৰে ।

কোনো সদাশয় ব্যক্তিয়ে যদি পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে 9706601505 আপোনালোকে যোগাযোগ কৰিবলৈ আহ্বান।

লগতে পঢ়ক :WATCH | Gossaigaon News: বিজেপি দলত যোগদান সংখ্যালঘু মুছলমান লোকৰ