Jorhat News:যোৰহাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ

যোৰহাট,৩০জানুৱাৰী : যোৰহাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখলৈ আজি ওলাই আহিছে বিভিন্ন স্তৰৰ লোক ।
প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি জিলা প্ৰশাসনক ধিক্কাৰ দিছে সকলোৱে(Jorhat News)।
বুধবাৰে দিন দুপৰতে যোৰহাট নগৰৰ মাজমজিয়াত দুজন সম্পূৰ্ণ উলংগ লোককলৈ বৃহৎ সমদল কৰে কেইবা শতাধিক পুৰুষ মহিলাই ।
মাৰোৱাৰী ঠাকুৰবাৰীৰ পৰা নগৰৰ মাজেৰে উলিওৱা হৈছিল এই বিশাল শোভাযাত্ৰা। আজি দল সংগঠনৰ লগতে সচেতন একাংশ লোকে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
আজি কোনো কাৰণতে ঠাকুৰবাৰীৰ পৰা পুনৰ এনে উলংগ লোকক লৈ শোভাযাত্ৰা কৰিবলৈ দিয়া নহব বুলি হুংকাৰ।
জানিব পৰা কেবাজনো প্ৰতিবাদ কাৰী যোৰহাট আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক :Jamugurihat News: জামুগুৰিহাটৰ ৰঙাচকুৱাৰ ১নম্বৰ বাটমাৰীত সাপ্তাহিক শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ