Jonbeel Mela 2025 :জাগীৰোডত আজিৰে পৰা আৰম্ভ জোনবিল মেলা
জাগীৰোড,১৬জানুৱাৰী : আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হ’ল জাগীৰোডৰ ইতিহাস প্ৰসিদ্ধ তথা পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ মেলা গোভা দেওৰজাৰ জোনবিল মেলা ৷
পুৱাই গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ মন্দিৰত মাঙ্গলিক পূজা-অৰ্চনাৰ পিছতে শুভাৰম্ভ হয় মেলাৰ ৷ ৰজাৰ বা-বিষয়াই পূজা-অৰ্চনা কৰে দেওশাল শিৱ মন্দিৰত(Jonbeel Mela 2025)৷
আজি পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিব মামা-মামীসকল। কাইলৈ পুৱা ভৈয়ামৰ লোক সকলৰ লগত কৰিব বিনিময় ৷ লগতে সমূহীয়া মৎস্য চিকাৰ আৰু কুকুৰা যুঁজ সম্পাদন কৰা হ’ব মেলাথলীত ৷ আনহাতে আজি মেলাথলীত মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি ২২ গৰাকীকৈ তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰিব।
লগতে পঢ়ক :Tiger terror in Jorhat : যোৰহাটৰ বিভিন্ন অঞ্চলত গড় আৰু বাঘৰ আতংক