Local, Vocal, Global

WATCH | Joining Program of BJP : মুছলপুৰত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী

মুছলপুৰ,২২জুন : বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে কুচ-কাৱাজ অব্যাহত ৰখা সময়তে আজি বাক্সাৰ মুছলপুৰত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

বাক্সা বিজেপিৰ উদ্যোগত আৰু অনুসূচীত জনজাতি মৰ্চাৰ মুছলপুৰ মণ্ডলৰ সহযোগত অনুষ্ঠিত যোগদান কাৰ্যসূচীত ৫৪৭ গৰাকীয়ে বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে ।

এইসকলৰ ভিতৰত চাৰি শতাধিক বড়ো জাতিৰ লোকে আজি বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে বাক্সা বিজেপিৰ সভাপতি দীনেশ বসুৱে । লগতে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত মুছলপুৰ পৰিষদীয় সমষ্টিত বিজেপিৰ জয় নিশ্চিত আৰু প্ৰাৰ্থী গৰাকী বড়ো মূলৰ হোৱাৰ সম্ভাৱনা অধিক বুলি মন্তব্য কৰে বাক্সা জিলা অনুসূচীত জনজাতি মৰ্চাৰ প্ৰভাৰী পূৰ্ণ গয়াৰীয়ে(Joining Program of BJP)।

উল্লেখ্য যে, বাক্সা বিজেপিৰ কাৰ্যনিবাহক সদস্য মনীন বড়োৰ আগ্ৰহতে আজিৰ যোগদান কাৰ্যসূচী সম্পন্ন হৈছে।

লগতে পঢ়ক : WATCH | Road Accident : চাৰিচকীয়া বাহন আৰু টেম্পুৰ মাজত সংঘৰ্ষ