Local, Vocal, Global

WATCH | Jogen Mohan : মাহমৰাত স্থাপন হ’ল ৰাজ্যৰ প্ৰথমটো সমজিলাৰ স্থায়ী কাৰ্যালয়

মৰাণ,২জুন : যিটো সময়ত ৰাজ্যৰ বিভিন্ন স্থানত সাংবাদিক নিগ্ৰহ, সাংবাদিক অপদস্থ আদি ঘটনা সংঘটিত হ’বলৈ ধৰিছে, সেই সময়তে মন্ত্ৰী যোগেন মহনে সাংবাদিক সকলক সদায় আগস্থান দিয়াৰ কথা সদৰি কৰিছে । মাহমৰাত আজি সাংবাদিকৰ আগত মন্ত্ৰী যোগেন মহনে কয়, “মই সাংবাদিক সদায় গুৰুত্ব দিওঁ । সাংবাদিকে গাঁও ভিতৰৰ অঞ্চলৰ পৰা দেখুৱাই দিয়া সমস্যা সমূহ মই প্ৰথম গুৰুত্ব দিওঁ আৰু সমাধান কৰিবলৈ চেষ্টা কৰোঁ ।গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সাংবাদিকৰ বাবেই গণতন্ত্ৰ জীয়াই আছে বুলি তেওঁ মন্তব্য কৰে(Jogen Mohan)।

ইফালে যোৰহাটত কংগ্ৰেছে মহিলা সাংবাদিকক অপদস্থ কৰাক লৈ মন্ত্ৰীজনে কয় যে, কংগ্ৰেছে মহিলাক সন্মান কৰিব নাজানে । সাংবাদিকক গুৰুত্ব নিদিয়াৰ বাবেই কংগ্ৰেছৰ এই দশা হৈছে বুলি তেওঁ মন্তব্য কৰে । ইফালে আজি ১৮ কোটি ২৪ লাখ ৪৩ হাজাৰ টকা ব্যয়ৰে ৰাজ্যৰ প্ৰথটো মাহমৰা সমজিলা স্থায়ী কাৰ্যালয়ৰ বটামৰা মাউট গাঁ‌ৱত আধাশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে । চাৰি মহলিয়াকৈ স্থাপন কৰিবলগীয়া কাৰ্যালয়টোত প্ৰশাসনৰ সকলো সুবিধাই থাকিব বুলি মন্ত্ৰীজনে মন্তব্য কৰে।

লগতে পঢ়ক :WATCH | Nalbari Theft : নলবাৰী জিলাৰ বলোৱা সহায়ক স্বাস্থ্য কেন্দ্ৰত চুৰিকাণ্ড