JMM’s Champai Soren Reaches Delhi Amid Buzz of Joining BJP :ৰাজধানী দিল্লীলৈ ৰাওনা শাসকীয় জেএমএমৰ প্ৰবীণ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন

নিউজ ডেস্ক,১৮আগষ্ট : দেওবাৰৰ পুৱাই ৰাজধানী দিল্লীলৈ ৰাওনা হয় শাসকীয় জেএমএমৰ প্ৰবীণ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন ৷ দিল্লীলৈ গৈ আজি চম্পাই ছোৰেনে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে(JMM’s Champai Soren Reaches Delhi Amid Buzz of Joining BJP) ।
এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে । লগতে জেএমএমৰ পৰা বহিষ্কাৰ হোৱা প্ৰাক্তন বিধায়ক লবিন হেম্ব্ৰমেও বিজেপিত যোগদান কৰিব বুলি চৰ্চা হোৱাৰ লগতে জেএমএমৰ আৰু কিছু বিধায়কেও বিজেপি দলত যোগদান কৰিব বুলি চৰ্চা চলিছে ।
ইফালে এই সন্দৰ্ভত শনিবাৰে চম্পাই ছোৰেনে ৰাঁচীত সংবাদ মাধ্যমৰ আগত কয়, “এনে জল্পনা-কল্পনা আৰু বাতৰিৰ বিষয়ে মই একো নাজানো ৷ মই য’ত আছো তাতেই আছো…।”
চম্পাই ছোৰেনে লগতে বিজেপি নেতাৰ সৈতে সংস্পৰ্শত থকা বুলি খবৰ প্ৰকাশ পোৱা লবিন হেমব্ৰমৰ সৈতে তেওঁৰ সাক্ষাৎ সন্দৰ্ভত কয়, মই হেমব্ৰমেক লগ পাইছিলো ৷ কিন্তু আমাৰ মাজত নিয়মীয়া আলোচনা হৈছিল ।” শেহতীয়াকৈ হেমব্ৰমক পলায়ন বিৰোধী আইন অনুসৰি জেএমএমৰ বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰা হৈছে ।
সূত্ৰই জনোৱা মতে, চলিত বৰ্ষৰ জুন মাহত জামিনত মুক্তি পোৱাৰ পিছত কেইমাহমানৰ ভিতৰতে জেএমএমৰ কাৰ্যবাহী সভাপতি হেমন্ত ছোৰেনক পুনৰ স্থান প্ৰদান কৰাত চম্পাই ছোৰেন অসন্তুষ্ট । চম্পাই ছোৰেনে বিধানসভা নিৰ্বাচনলৈকে তেওঁক মুখ্যমন্ত্ৰী হিচাপে থাকিবলৈ দিয়া হ’ব বুলি আশা কৰিছিল(JMM leader Champai Soren reaches Delhi amid speculations of him likely to join BJP)।
লগতে পঢ়ক : Assam police and the Indian Army hold meeting : ডিব্ৰুগড়ত অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক