Local, Vocal, Global

অসমৰ দেৱ আনন্দ হিচাপে খ্যাত জিতেন বৰদলৈৰ দেহৱসান

নিউজ ডেক্স ১৯ জুলাই : এটা যুগৰ যেন অন্ত পৰিল। যোৰহাটৰ ৰাজপথত এতিয়াৰে পৰা আৰু কেতিয়াও সেই বিশেষ জীৱন শৈলীৰ মানুহজনক দেখা পোৱা নাযাব।

কাৰণ যোৰহাটৰ দেৱ আনন্দ হিচাপে খ্যাত আৰু ডিঙিত ৰুমাল, মূৰত টুপী, হাতত তিনিটা ঘড়ী পিন্ধি আপোন ভাবত বিভোৰ থকা মানুহ জন আৰু নাই।

প্ৰখ্যাত জ্যোতিষ জিতেন বৰদলৈয়ে সোমবাৰে জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ যোৰহাটৰ লগতে সমগ্ৰ অসমত পৰিচিত আছিল অসমৰ দেৱানন্দ ৰূপে।

চিৰসেউজ অভিনেতা দেৱানন্দৰ অনুৰাগী জিতেন বৰদলৈয়ে সমগ্ৰ জীৱন পাৰ কৰিছিল তেওঁৰ অতিকে প্ৰিয় অভিনেতাজনৰ অনুকৰণ কৰি ।

সোমবাৰে জেএমচিএইচত মৃত্যু হয় চিৰসেউজ ব্যক্তিগৰাকীৰ।

তেওঁ এজন ভাল জ্যোতিষী ৰূপে সকলোৰে মাজত অতিকৈ জনপ্ৰিয় আছিল। দুদিন পূৰ্বলৈকে সাধাৰণভাৱে থকা লোকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত হঠাৎ ভৰ্তি কৰা হয় GMCH ত আৰু হৃদৰোগত আক্ৰান্ত হৈ ৭০ বছৰ বয়সত মৃত্যুক আঁকোৱালি লয় জনপ্ৰিয় ব্যক্তিগৰাকীয়ে।

নিজা অনন্য জীৱন শৈলীৰে দীৰ্ঘদিন ধৰি ৰাইজক আকৰ্ষণ কৰি অহা যোৰহাটৰ দেৱানন্দ নামেৰে জনাজাত জিতেন বৰদলৈৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে অসমবাসীয়ে।

জনপ্ৰিয় ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰৰ পিছত বিভিন্নজনে তেওঁৰ স্মৃতি সোঁৱৰণ কৰি আত্মাৰ সদ্গতি কামনা কৰিছে।