WATCH | Jhumur World Record : সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ আখৰা
নিউজ ডেস্ক,২২ফেব্ৰুৱাৰী : ২০২৩ চনৰ ১৪ এপ্ৰিলত একেলগে ১০ হাজাৰ নাচনী-ঢুলীয়াই বিহু নাচি বিশ্ব দৰবাৰত বিহুক প্ৰতিষ্ঠা কৰিছিল । বিহুৰ পিছত এইবাৰ বিশ্ব অভিলেখৰ আন এক পৰিকল্পনা অসম চৰকাৰৰ । ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে চিনাকী কৰাই দিয়াৰ লগতে এই নৃত্যৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য আগত ৰাখিছে চৰকাৰে ।
সেই লক্ষ্য আগত ৰাখিয়ে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । প্ৰায় ৮০০০ শিল্পীক সাজু কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হৈছে । তাৰ অংশ হিচাপে গুৱাহাটীত প্ৰশিক্ষণ আৰম্ভ হৈছে ।চাহ বাগানিয়া যুৱক-যুৱতীৰে ভৰি উঠিছে সৰুসজাই ষ্টেডিয়াম।শুকুৰবাৰৰ পৰা সৰুসজাইত আৰম্ভ হৈছে অনুশীলন(Jhumur World Record)।
ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে যে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰদৰ্শিত হ’ব মেগা ঝুমুৰ নৃত্য । এই নৃত্যৰ জৰিয়তে গীনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য আছে । ১৬ মিনিট ৩২ ছেকেণ্ডৰ এই নৃত্যত ৰাজ্যৰ ৮০০ খন চাহ বাগিচাৰ শিল্পী তথা প্ৰতিনিধি থাকিব । প্ৰায় ৮ হাজাৰ শিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব ।
উক্ত অভিলেখৰ বাবে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে।
লগতে পঢ়ক :WATCH | Nagaon News: নগাঁও জিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন