Local, Vocal, Global

WATCH | Jhumoir Binandini: গুৱাহাটী মহানগৰীত ব্যাপক যানজঁট;ব্যাহত এম্বুলেন্স সেৱা

নিউজ ডেস্ক,২৫ফেব্ৰুৱাৰী : শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিতিত প্ৰদৰ্শন হ’ব ঝুমুৰ নৃত্য।

ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ হেঁপাহ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিগৰাকী নাচনীক ২৫ হেজাৰকৈ দিয়াৰ বিপৰীতে প্ৰশিক্ষকসকলক ৩০ হেজাৰকৈ ধন দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ঝুমুৰ নাচিবলৈ পাই মেট্ৰিক পৰীক্ষা নিদিয়াৰ কথাও কৈছে একাংশ শিক্ষাৰ্থীয়ে।

পিছে এইবাৰ ঝুমুৰ নৃত্যত মচগুল জনতাৰ মাজত সোমাই পৰিল এম্বুলেন্স সেৱাও। চাওঁক গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ এই পৰিবেশ। ঝুমুৰৰ আনন্দত ব্যাহত হৈ পৰিল জৰুৰীকালীন সেৱাও(Jhumoir Binandini)।