PM Modi’s Visit to Kaziranga : প্ৰধানমন্ত্ৰী মোদীৰ কাজিৰঙা ভ্ৰমণ; বন্ধ থাকিব জীপ ছাফাৰী আৰু হাতী ছাফাৰী

নিউজ ডেস্ক, ৪ মাৰ্চ : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভ্ৰমণ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান(PM Modi’s Visit to Kaziranga) ।
প্ৰধানমন্ত্ৰী মোদীৰ কাজিৰঙা ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিশেষ ঘোষণা(Jeep & Elephant Safaris Closed in Kohora Range) ।
কৰ্তৃপক্ষৰ ঘোষণা অনুসৰি, মোদীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৭ ৰ পৰা ৯ মাৰ্চলৈ কহৰা ৰেঞ্জত জীপ ছাফাৰী আৰু হাতী ছাফাৰী বন্ধ থাকিব ।
পূৰ্বাঞ্চল অসম বন্যপ্ৰাণী বিভাগৰ বিভাগীয় বন বিষয়া অৰুণ ভিগনেশে এক জাননীত কয় যে উক্ত দিন কেইটাত কহৰা ৰেঞ্জত সাধাৰণ পৰ্যটকৰ বাবে জীপ ছাফাৰী আৰু হাতী ছাফাৰী বন্ধ থাকিব । জীপ ছাফাৰী ৭-৯ মাৰ্চলৈ বন্ধ থাকিব আৰু হাতী ছাফাৰী ৮ আৰু ৯ মাৰ্চত বন্ধ থাকিব বুলি কোৱা হৈছে(Jeep safari, elephant ride at Kaziranga to remain closed from March 7-9 in view of PM Modi’s visit) ।
জানিব পৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ আৰু ৯ মাৰ্চত ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব । ৮ মাৰ্চৰ সন্ধিয়া উদ্যানখনত উপস্থিত হ’ব আৰু নিশা তেওঁ তাতে থাকিব । প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সময়ছোৱাত উদ্যানখনৰ কহৰা ৰেঞ্জত এক জংঘল ছাফাৰী উপভোগ কৰাৰ কথা আছে । তেওঁৰ ২ দিনীয়া ভ্ৰমণসূচীত জীপ ছাফাৰী আৰু হাতী ছাফাৰী দুয়োটাই পৰিকল্পনা কৰা হৈছে(PM Modi’s visit prompts closure of jeep safari, elephant ride in Kaziranga) ।
উল্লেখ্য যে কাজিৰঙাই ১৯৭৪ চনৰ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছিল আৰু এইবছৰ কাজিৰঙাই সোণালী জয়ন্তী উদযাপন কৰিব ।