Local, Vocal, Global

জাতি-মাটি-ভেটিঃ পুনৰ শুনিবলৈ নাপাব ডিব্ৰুগড় কেন্দ্ৰৰ আঞ্চলিক বাতৰি

জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গান দিয়া বিজেপিয়ে পুনৰ মোক্ষম আঘাত দিবলৈ ওলাইছে অসমীয়া জাতিক৷ বিজেপিৰ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গান যেন অসাৰ প্ৰতিপন্ন হ’ল৷ অসমীয়া ভাষাক মোক্ষম আঘাত দিবলৈ ওলাইছে বিজেপি নেতৃত্বাধীন চৰকাৰে। APSC পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰৰ পিছতে অসমীয়া মাধ্যমৰ বিদ্যালয়ত বলপূৰ্বকভাৱে ইংৰাজী মাধ্যম জাপি দিব খোজাত চৌদিশে প্ৰতিক্ৰিয়া অব্যাহত আছে৷ তাৰ মাজতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ একমাত্ৰ অসমীয়া ভাষাৰ নিউজ বুলেটিনৰ ওপৰতো আক্ৰমণ কৰিলে বিজেপি চৰকাৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া ভাষাত সম্প্ৰচাৰিত আঞ্চলিক বাতৰি শীঘ্ৰে বন্ধ হ’ব। দুদিনমানৰ পাছতে আৰু শুনিবলৈ নাপাব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আঞ্চলিক বাতৰি। আকাশবাণী ডিব্ৰুগড় কেন্দ্রযোগে প্রতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা আঞ্চলিক বাতৰিৰ প্ৰচাৰ অহা ২৫ অক্টোবৰৰ পৰা বন্ধ হ’ব। প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে শনিবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। সেইমর্মে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ অহা ৫ মিনিটৰ অসমীয়া বুলেটিনখন এতিয়াৰ পৰা বন্ধ হৈ যাব। উল্লেখ্য যে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ১৯৯৭ চনৰ ১১ জুনৰ পৰা নিজাববীয়াকৈ পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন প্ৰচাৰ কৰি আহিছিল। প্ৰসাৰ ভাৰতীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা ২৪ অক্টোবৰৰ সন্ধিয়া ৬ বজাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰচাৰ কৰা আঞ্চলিক বুলেটিনখনেই হ’ব শেষ বুলেটিন। ইয়াৰ উপৰিও বন্ধ হ’ব মিচিং জনগোষ্ঠীৰ প্ৰতি বুধবাৰে সম্প্ৰচাৰ হোৱা কাৰ্পুনপুলি অনুষ্ঠানো বন্ধ কৰিব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই। উল্লেখ্য যে, তদানীন্তন প্রধানমন্ত্রী ইন্দ্ৰ কুমাৰ গুজৰালে ব্ৰডগজ ৰে’লৱে লাইন সম্প্ৰসাৰণৰ উদ্বোধনৰ বাবে ডিব্ৰুগড়লৈ অহাৰ সময়ত ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি শীঘ্ৰেই আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰিছিল। তাৰ পাছতে ১৯৯৭ চনৰ ১১ জুনৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই অসমীয়া বাতৰি প্ৰচাৰ কৰি আহিছিল। উজনি অসমৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে কেন্দ্ৰটোৰ পৰা প্ৰচাৰিত হৈ থকা আঞ্চলিক বুলেটিনখনৰ সময়সীয়া দহ মিনিটলৈ বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছিল। কিন্তু তাৰ বিপৰীতে প্ৰসাৰ ভাৰতীয়ে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত হৈ অহা অসমীয়া বাতৰি বন্ধ কৰাৰ জাননী জাৰি কৰাটোৱে স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।