১৬ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপত নাথাকিব যশপ্ৰীত বুমৰাহ!

নিউজ ডেস্ক : ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহ ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱা সম্ভাৱনাৰ বাতৰিয়ে সামাজিক মাধ্যমত চৰ্চিত হৈছে।
বুমৰাহৰ পিঠিৰ আঘাতৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰিব বুলি চৰ্চিত হৈছে।
উল্লেখযোগ্য যে, বুধবাৰে তিৰুৱন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুস্থিত হোৱা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে উদ্বোধনী টি-২০ৰ খেলখনত বুমৰাহ দলটোৰ সৈতে উপস্থিত নাছিল।
পিঠিৰ বিষৰ বাবে এছিয়া কাপ ২০২২ ৰ পৰা বাহিৰ হোৱা আৰু ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত প্ৰশিক্ষণ লৈ থকা বুমৰাহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিম দুখন টি-২০ খেলিছিল।