Local, Vocal, Global

Japan’s first private-sector rocket ‘Kairos’ explodes shortly after liftoff : ব্যক্তিগত খণ্ডৰ জাপানৰ প্ৰথমটো ৰকেট কক্ষপথলৈ উৎক্ষেপণৰ পিচতে বিস্ফোৰণ ঘটে

নিউজ ডেস্ক,১৩ মাৰ্চ : বুধবাৰে ব্যক্তিগত খণ্ডৰ জাপানৰ প্ৰথমটো ৰকেট কক্ষপথলৈ উৎক্ষেপণৰ পিচতে বিস্ফোৰণ ঘটে । জাপানৰ ষ্টাৰ্টআপ স্পেচ ৱান কোম্পানীয়ে নিৰ্মাণ কৰা স্পেচ ৱান ৰকেটটোৱে পশ্চিম জাপানৰ স্পেচ প’ৰ্ট কিৰ পৰা উদ্বোধনী উৎক্ষেপণৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে বিস্ফোৰণ ঘটে(Japan’s first private-sector rocket ‘Kairos’ explodes shortly after liftoff ) ।

ৰকেট কক্ষপথলৈ উৎক্ষেপণৰ দৃশ্য পোনপটীয়া সম্প্ৰচাৰৰ কৰা হৈছিল আৰু পোনপটীয়া সম্প্ৰচাৰত বিস্ফোৰণৰ দৃশ্য পোনপটীয়াকৈ দেখা গৈছে। ৰকেটটো বিস্ফোৰণৰ লগে লগে এক বৃহৎ ধোঁৱাই অঞ্চলটো আগুৰি ধৰে আৰু কিছুমান ঠাইত জুই জ্বলি উঠে । জুই নুমুৱাবলৈ চেষ্টা কৰি থকাৰ দৃশ্যও ভিডিঅ’টোত দেখুওৱা হৈছে ।

অৱশ্যে ৰকেটটো উৎক্ষেপণৰ সময়ত হোৱা বিস্ফোৰণৰ আঁৰৰ কাৰণ সন্দৰ্ভত জানিব বিচৰাত টকিঅ’স্থিত ষ্টাৰ্টআপ স্পেচ ৱানে কোনো মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে । আনহাতে, জাপানিজ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বিপদাশংকা থকা এলেকাত এখন জাহাজ দেখা পোৱাৰ পিচত যোৱা শনিবাৰে ইয়াৰ উৎক্ষেপণ পিছুৱাই দিয়া হয় । এনেদৰে এই কাৰ্য ইতিমধ্যে কেইবাবাৰো পলম হৈছিল(Japan’s first private-sector rocket ‘Kairos’ explodes shortly after liftoff ) ।

লগতে পঢ়ক : EAM Jaishankar discusses UNSC reforms, global issues with New Zealand counterpart : নিউজিলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী উইন্সটন পিটাৰ্ছৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বৈঠক