Local, Vocal, Global

Japanese Encephalitis : যোৰহাটত জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ

যোৰহাট,৫ আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত (Japanese Encephalitis) ।

যোৰহাট জিলাটো এই ৰোগ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে । যোৰহাট জিলাত বহুলোক আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত। জাপানীজ এনকেফেলাইটিছ সমান্তৰালকৈ ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে ।

উজনিৰ কেইবাখনো জিলাত সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু ৰোগীৰ সংখ্যা । যোৰহাটত জাপানীজ এনকেফেলাইটিছ আৰু জে ই সদৃশ ৰোগত আক্ৰান্ত হৈছে কেইবাজনো লোক ।জানিব পৰা মতে এতিয়ালৈকে যোৰহাটত পাঁচজন ৰোগীৰ মৃত্যু হৈছে । জে ই , এ ই এছ আৰু ডেংগুত আক্ৰান্ত হৈছে ৯০ জনতকৈ অধিক লোক ।

সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে যোৰহাটত জাপানীজ এনকেফেলাইটিছ আৰু ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিয়ে সৰ্বসাধাৰণ জনসাধৰণক উদ্বিগ্ন কৰি তুলিছে । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হোৱাৰ লগতে জাপানীজ এনকেফেলাইটিছত সদৃশ ৰোগত আক্ৰান্ত হৈ বৰ্তমানলৈকে ৪ জন ব্যক্তিৰ মৃত্যু হৈছে(Japanese Encephalitis in Jorhat) ।

উল্লেখ্য যে, ৩ আগষ্ট পৰ্যন্ত ২২৯ জনৰো অধিক লোকৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৪৫ জন ৰোগীৰ দেহত জে ই ধৰা পৰিছে । বৰ্তমান জেএমচিএইছত চিকিৎসাধীন হৈ আছে ছয়জনকৈ লোক । ইয়াৰে দুজনক ভেন্টিলেছনত ৰখা হৈছে বুলি জানিবলৈ পৰা গৈছে।

ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত এই ৰোগত আক্ৰান্ত সকলৰ চিকিৎসালয় কৰ্তৃপক্ষই চিকিৎসাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । জে ই ৰোগীৰ বাবে ১৪ খন আইচিইউ সহ বিচনাৰে এটা ব্লক সম্পূর্ণ ৰূপে সাজু কৰি ৰখা হৈছে । তদুপৰি চৰকাৰৰ ফালৰ পৰা এই সকলৰ ৰোগীৰ চিকিৎসা বিনামূলীয়াকৈ কৰা হ’ব ।

লগতে পঢ়ক :Japanese Encephalitis: ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ