Japanese Encephalitis: ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ
ডিব্ৰুগড়,৫আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত (Japanese Encephalitis) ।
ডিব্ৰুগড় জিলা এই ৰোগ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে । ডিব্ৰুগড় জিলাৰ মৰাণতো বহুলোক আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত। খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত কেইবাটাও অঞ্চলত ৭ জনকৈ লোক আক্ৰান্ত জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ ৰোগত (japanese encephalitis in Dibrugarh)। ইয়াৰে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৩ গৰাকীকৈ লোক আৰু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত ৪ গৰাকী লোক ।
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত কেইজন হল মৰাণ পথালিবাম গাৰিশালী চেতিয়া গাঁৱৰ এগৰাকী, মৰাণ বামুণবাৰীৰ গঁড়পথাৰ টেঙাপানী গাঁৱৰ এজন, আৰু খোৱাং চমুৱা গাঁৱৰ এগৰাকী ।
খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া এম সোনোৱালে জানিবলৈ দিয়া অনুসৰি, জাপানীজ এনকেফেলাইটিত আক্ৰান্ত হোৱা তিনিগৰাকীৰ ভিতৰত দুগৰাকী কিছু সুস্থ হৈছে যদিও এগৰাকী মহিলা অসুস্থ আৰু বৰ্তমান ডিব্ৰুগড় এ এম চিত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ৰাইজক এই বিষয়ত সজাগ হ’বলৈ আহ্বান জনাই স্বাস্থ্য বিষয়া গৰাকীয়ে ৷
লগতে পঢ়ক : Japanese Encephalitis: ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ