Japanese Encephalitis : কামপুৰ কঠিয়াতলীৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এগৰাকী বয়োজ্যেষ্ঠ লোকৰ

নিউজ ডেস্ক,২১জুলাই : ৰাজ্যৰ বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱত অধিক আতংকিত হৈ পৰিছে ৰাজ্যবাসী । বিশেষকৈ কিছুমান অঞ্চলত মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে(Japanese Encephalitis) ।
এইবাৰ কামপুৰ কঠিয়াতলীৰ জাপানীজ এনকেফেলাইটিছত।কামপুৰ কঠিয়াতলীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এগৰাকী বয়োজ্যেষ্ঠ লোকৰ । মৃত্যু লোকজনৰ নাম টংকেশ্বৰ বৰা বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোকগৰাকীৰ। এই লোকগৰাকীৰ সৈতে ৰাজ্যত এই বৰ্ষত জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা লোকৰ সংখ্যা ৫জনলৈ বৃদ্ধি পালে।
লগতে পঢ়ক : Man died by drowning in pond : পানীৰ পৰি সলিল সমাধি এজন লোকৰ