Local, Vocal, Global

Japanese Encephalitis : কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱ; আতংকিত কলিয়াবৰবাসীক

নিউজ ডেস্ক,১৪জুলাই : ৰাজ্যৰ জাপানীজ এনকেফেলাইটিছৰ ভয়াবহ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত । ইফালে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱে অধিক আতংকিত কৰি তুলিছে কলিয়াবৰবাসীক । ইতিমধ্যে এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ লক্ষণ(Japanese Encephalitis) ।

আক্ৰান্ত লোকজন বৰ্তমান চিকিৎসাধীন হৈ আছে গুৱাহাটীৰ এখন চিকিৎসালয়ত । আক্ৰান্ত ব্যক্তিজন কলিয়াবৰ সোণাৰী গাঁৱৰ সুজিৎ কুমাৰ চাংমাই বৰুৱা বুলি জানিব পৰা গৈছে । পৰিয়ালৰ লোকে জনোৱা অনুসৰি কিছুদিনৰ পৰা জ্বৰত ভুগি আছিল ব্যক্তিগৰাকীয়ে ।

ইফালে কলিয়াবৰ মহকুমা স্বাস্থ্য বিভাগে কলিয়াবৰৰ ৰাইজক জাপানীজ এনকেফেলাইটিছৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ স্বাস্থ্য সচেতন আৰু সজাগতাৰ বাবে আৰম্ভ কৰিছে অভিযান । শনিবাৰে সোণাৰী গাঁৱত গাঁওবাসীক ঔষধযুক্ত আঠুৱা প্ৰদানৰ বাবে স্বাস্থ্যকৰ্মীক নিয়োগ কৰে স্বাস্থ্য বিভাগে ।শনিবাৰে সন্ধিয়া মহ খেদিবৰ বাবে ঔষধযুক্ত ধোঁৱাৰো ব্যৱস্থা কৰে । বিশেষকৈ বান শিবিৰত থকা লোকসকলক লৈ চিন্তিত স্বাস্থ্য বিষয়াগৰাকী ।

কিয়নো, বান শিবিৰত থকা লোকসকল এই সময়ত সাবধানতা ল’ব পৰা অৱস্থাত নাই । বহু বান শিবিৰৰ আশে পাশে গাহৰি পালকসকলে গাহৰিৰ সৈতেই একেলগে থাকিবলগীয়া হৈছে । তাতে বানৰ পানীৰ ফলত মহৰ বংশবৃদ্ধি হোৱাৰ এক পৰিৱেশ গঢ়ি উঠিছে । যত দূৰ সম্ভৱ বান শিবিৰত থকা বানাক্ৰান্ত লোকসকলক আঠুৱা ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনাই কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ বিষয়া ডাঃ বীৰেন দেউৰীয়ে ।

ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যিসকল লোকৰ দীঘলীয়া সময়ৰ পৰা জ্বৰ হৈ আছে তেওঁলোক চিকিৎসালয়ত তেজ পৰীক্ষা কৰি নিশ্চিত হ’বলৈও জনায় । অৱশ্যে, জাপানীজ এনকেফেলাইটিছৰ জ্বৰৰ পৰীক্ষা ব্যৱস্থা কলিয়াবৰত নাই(Japanese Encephalitis) ।

লগতে পঢ়ক : BCCI Announces 1 Crore Financial Aid For Anshuman Gaekwad’s Cancer Treatment : কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ অংশুমান গাইকৱাদলৈ ১কোটি টকাৰ আৰ্থিক সাহায্য BCCI ৰ